Watch | Exceptional pyramid-shaped prayer house: ইজিপ্টৰ পিৰামিড আকৃতিৰ এটা ব্যতিক্ৰমী প্ৰাৰ্থনা গৃহ
গুৱাহাটী: ইজিপ্টৰ পিৰামিড আকৃতিৰ এটা ব্যতিক্ৰমী প্ৰাৰ্থনা গৃহ। ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ব্যতিক্ৰম হিচাপে চিহ্নিত হৈছে এই প্ৰাৰ্থনা গৃহটো। উত্তৰ গুৱাহাটীৰ ডেকাবাৰীত নিৰ্মাণ কৰা এই বিশাল প্ৰাৰ্থনা গৃহটো ২ মাৰ্চত মুকলি কৰা হ’ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনোৱা হৈছে প্ৰাৰ্থনা গৃহটো মুকলি কৰিবলৈ। প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ উদ্যোগত নিৰ্মান হোৱা এই বিশেষ প্ৰাৰ্থনা গৃহটো উদ্বোধনৰ পিছত সকলোৰে বাবে মুকলি থাকিব। ১৩০ গৰাকী লোকে একেলগে কৰিব পাৰিব যোগ সাধনা । সম্পূৰ্ণ বিজ্ঞান সন্মত ভাৱে নিৰ্মিত প্ৰাৰ্থনা গৃহটোৰ অন্তৰ ভাগত কৰা হৈ বিশেষ আলোকসজ্জা। যোগ সাধনাৰ সময়ত বাহিৰৰ কোনো শব্দৰ প্ৰবেশ নহয় প্ৰাৰ্থনা গৃহৰ ভিতৰত। প্ৰাৰ্থনা গৃহটোৰ বাবে প্ৰয়োজন হৈছে প্ৰায় এক কোটি টকা। ২ বছৰত সম্পূৰ্ণ হৈছে প্ৰাৰ্থনা গৃহৰ কাম ।