Local, Vocal, Global

উত্তৰ প্ৰদেশ নিৰ্বাচনত বিকল ই ভি এম মেচিন

নিউজ ডেস্ক, ২৩ ফ্ৰেব্ৰুৱাৰীঃ আজি উত্তৰপ্ৰদেশত অনুষ্ঠিত হৈছে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন। ৰাজ্যখনৰ মুঠ ৯ খন জিলাৰ ৫৯ খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। ইয়াৰ মাজতে লখিমপুৰত দুটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে। ১০৯ নম্বৰ বুথৰ এটা ই ভি এম মেচিনত এটা ফেভিকুইক  সুমুৱাই দিয়ে।
      আনফালে, লখিমপুৰৰ ৮৫ নম্বৰ বুথত ভোটদান য’তেই নকৰক কিয় ভোট পদুম ফুলৰ চিহ্নতেই পৰাৰ অভিযোগ উত্থাপিত হৈছে। ভোটাৰসকলে অভিযোগ দিয়ে যে, ই ভি এমত বুটাম টিপাৰ পিছতেই ভোট পদুম ফূলৰ চিহ্নত পৰা দেখাইছে। এই অভিযোগৰ পিছতেই দুঘণ্টাৰ বাবে ভোটদান অব্যাহত হৈ পৰিছে। ইয়াৰপিছতেই ভোটগ্ৰহণৰ দায়িত্বত থকা শীৰ্ষ বিষয়াসকলে ভোটগ্ৰহণ কেন্দ্ৰটোত উপস্থিত হৈ নতুন ই ভি এম মেচিন সংস্থাপিত কৰে।