Local, Vocal, Global

হোলী উদযাপন কৰিবলৈ সাজু সকলো;হোলীৰ আগতেও ঘৰৰ পৰা এইকেইবিধ বস্তু আঁতৰাই পেলাই দিয়ক তেতিয়াই হ’ব মা লক্ষ্মীৰ আগমান…

ডিজিটেল ডেস্ক:- সমাগত হোলী ৷ গতিকে হোলীক উদযাপন কৰিবলৈ সাজু সকলো ৷ বিভিন্ন ৰঙৰ উৎসৱ হোলীত আমি আমাৰ পৰিয়াল পৰিজনৰ লগতে আমাৰ বন্ধু বান্ধৱীৰ লগত একত্ৰিত হৈ আনন্দ কৰিবলৈ সুযোগ পাওঁ ৷

হোলীয়ে কিছু সংখ্যক লোকৰ জীৱন ৰঙীন কৰাৰ লগতে আনন্দ কঢ়িয়াই আনে ৷ কাৰণ এই সময়ত আমি ইজনে সিজনক ৰঙ লগাই আনন্দ কৰোঁ । আৰু সেই ৰঙে আমাৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলে ৷ৰামধেনুৰ সাতটা ৰঙৰ সমাবেশৰ লগতে অন্যান্য ৰঙে আমাৰ জীৱনলৈ লৈ আনে আনন্দ ৷

হোলী উপলক্ষে মহিলা তথা পুৰুষে বিভিন্ন ধৰণৰ ষ্টাইল, বা লুক বাছনি কৰে যেনে কুৰ্টা, চুট বা শাৰী ।হিন্দু ধৰ্মত দৌল উৎসৱ বা হোলী অতি গুৰুত্বপূৰ্ণ।

ৰঙৰ উৎসৱত আমি আমাৰ জীৱনত ৰঙৰ স্পৰ্শ অনুভৱ কৰো। সমগ্ৰ দেশে এই উৎসৱ পালন কৰে। ৭ মাৰ্চত দৌল আৰু ৮ মাৰ্চত হোলী উদযাপন কৰা হ’ব। দুৰ্গা পূজা আৰু দীপাৱলীৰ সময়ত যেনেকৈ ঘৰ চাফা কৰি ঘৰৰ পৰা অশুভ বস্তুবোৰ আঁতৰাই পেলোৱাৰ প্ৰথা আছে ঠিক তেনেদৰে হোলীৰ আগতেও ঘৰৰ পৰা কিছুমান বস্তু আঁতৰাই পেলাব লাগে। তেতিয়াই মা লক্ষ্মীৰ আগমান হয়।

ভঙা মূৰ্তি
হোলীৰ আগত ঘৰৰ পৰা ভঙা মূৰ্তি আঁতৰাব লাগে।ভগৱানৰ প্ৰতিমূৰ্তি ভাঙিলেও আমি পেলাই দিব মন নকৰো কিন্তু আমি তাক পেলাই দিব লাগে।হোলীৰ আগেয়ে ঘৰৰ ভঙা মূৰ্তিবোৰ ঘৰৰ পৰা আঁতৰাই দিব।

ভঙা আইনা
ভঙা আইনা আমি ঘৰৰ ভিতৰত ৰাখিব নালাগে।আইনা ভাঙিলে পেলাই দিব লাগে।ভঙা আইনাৰে মুখ চালে নিজৰ দুৰ্ভাগ্য আমন্ত্ৰণ জনোৱাৰ দৰে হয় বুলি কোৱা হয়।

ষ্টপ ৱাচ
দৌলৰ আগতে ঘৰৰ পৰা বন্ধ ঘড়ীটো আঁতৰাই দিব।কাৰণ ঘৰত বন্ধ ঘড়ী এটাই আমাৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰে।

নষ্ট বৈদ্য়ুতিক সামগ্ৰী
যদি বৈদ্যুতিক সামগ্ৰীবোৰ বিকল হৈ ঘৰত জমা হৈ আছে তেন্তে ইয়াক পেলাই দিয়ক, কাৰণ তাত ৰাহু আৰু কেতুৰ অশুভ দৃষ্টি পৰে। গতিকে আৰু ব্যৱহাৰযোগ্য নোহোৱা বৈদ্য়ুতিক সামগ্ৰী পেলাই দিয়ক

মূল দুৱাৰখন পৰিষ্কাৰ কৰি ৰাখক

দৌলৰ আগতে আপোনাৰ ঘৰৰ মূল প্ৰৱেশদ্বাৰ পৰিষ্কাৰ কৰক। মূল দুৱাৰখন লেতেৰা হ’লে মা লক্ষ্মী ঘৰত প্ৰৱেশ নকৰে। আৱৰ্জনা ঘৰৰ মূল দুৱাৰৰ বাহিৰত নাৰাখিব। । মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ ঘৰখন পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয়।