international faculty development program:বিশ্বনাথত আৰম্ভ হ’ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আন্তঃ ৰাষ্ট্ৰীয় অনুষদ উন্নয়ন কাৰ্যসূচী
৬ ফেব্ৰুৱাৰী ২০২৫, বিশ্বনাথ : বিশ্বনাথত বুধবাৰৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো হাইব্ৰিড আন্তঃৰাষ্ট্ৰীয় অনুষদ উন্নয়ন কাৰ্যসূচী। বিশ্বনাথ শিক্ষা মহাবিদ্যালয়ত “শিক্ষণ-শিক্ষণৰ বৰ্তমানৰ প্ৰৱণতা আৰু পদ্ধতি” শীৰ্ষক পাঁচদিনীয়া অনলাইন আৰু অফলাইন আন্তঃৰাষ্ট্ৰীয় অনুষদ বিকাশ কাৰ্যসূচীৰ প্ৰথমদিনটো সফলতাৰে সমাপ্ত হৈছে। বিশ্বনাথ শিক্ষা মহাবিদ্যালয়ৰ ইণ্টাৰেল কোৱালিটি এচ্যুৰেঞ্চ চেলৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্হিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক দুলুমণি গোস্বামী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক যোগেন চন্দ্ৰ কলিতা পৃষ্ঠপোষক হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে বাবুল বৰা আৰু পংকজ জ্যোতি ভূঞা উপস্হিত থাকে।
আনহাতে আজিৰ পৰা এই কাৰ্যসূচীত অনলাইন যোগে বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰিবলৈ সমল ব্যক্তি হিচাপে উপস্হিত থাকিব আমেৰিকাৰ UMA গ্লৱেলৰ CEO’ ড° ৰিতা কাকতি শ্বাহ, কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পৌৰাণিক অধ্যয়ন বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী ড° অলকা দাস, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° নীল ৰতন ৰয়, চিংগাপুৰৰ শিক্ষা সমাজৰ IEEE ৰ অধ্যক্ষ ড° দীপক ওৱেইকাৰ, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী ড° শান্তনু কলিতা।