Watch | Environment Awareness Meeting at Bamunigaon Higher Secondary School in Kamrup District: কামৰূপ জিলাৰ বামুণীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত পৰিৱেশ সজাগতা সভা

বকো: আজি বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত Clean Air, Blue Sky শীৰ্ষক এই সজাগতা সভা। মূলতঃ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰদূষণৰ সমস্যা তথা পৰিবেশৰ হানি সাধনকাৰী বিষয়বোৰৰ ওপৰত বিশেষভাবে গুৰুত্ব আৰোপ কৰি আহিছে । প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক উভয় প্রকাৰৰ শিক্ষাৰ সৈতে জড়িত পৰিবেশ সজাগতা কাৰ্য্সূচী হাতত লৈ আহিছে ৷ এই কাৰ্য্সূচীৰ অংশস্বৰূপে আজি বামুণীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হ’ল পৰিৱেশ সজাগতা সভা।
উল্লেখ্য যে, পৰিৱেশ ভাৰসাম্য অটুট ৰক্ষা আৰু পাৰিপাৰ্শ্বিক পৰিৱেশ প্ৰদুষণমুক্ত গঢ়াৰ লক্ষ্য আগত ৰাখি কাম কৰি আহিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে। উল্লেখ্য যে, সম্প্ৰতি চলি আছে ব’ৰ্ডৰ ৫০ বৰ্ষ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি লৈছে এই পদক্ষেপ। এনে পদক্ষেপে ছাত্ৰ-ছাত্ৰীৰ মাজত আনুষ্ঠানিক শিক্ষাত উপকৃত হ’ব বুলি আশাবাদী ব’ৰ্ডৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকল।