কাৰ্বি আংলঙৰ এলউইন ডেৰা এতিয়া নেপালৰ মহাবীৰ
অসমৰ মল্লযুঁজাৰু ক্ৰয় কৰিলে নেপালে। দীৰ্ঘদিনৰ পৰা নেপালৰ হৈ খেলি প্ৰদৰ্শন কৰিছে চমকপ্ৰদ ফল। অসমৰ এলউইন ডেৰাই। এতিয়া নেপালৰ মহাবীৰ থাপা হিচাপে জনাজাত। অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ এজন মল্লযুঁজাৰু নাম এলউইন ডেৰা। কিন্তু অসম তথা ভাৰত চৰকাৰে খেলুৱৈজনৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰাত খেলুৱৈজনক ক্ৰয় কৰিছিল নেপালে।ইয়াৰ পিছত নেপালে খেলুৱৈজনৰ প্ৰকৃত নাম এলউইন ডেৰা আঁতৰাই নামকৰণ কৰিলে মহাবীৰ থাপা হিচাপে। ইয়াৰ পিছতে নেপাল দেশৰ হৈ ভাৰত,পাকিস্তান, শ্ৰীলংকাসহ অন্যান্য দেশৰ লগত মল্লযুঁজত অৱতীৰ্ণ হৈ ভাল প্ৰদৰ্শন কৰি সুনাম কঢ়িয়াইছে নেপাল দেশলৈ। ইপিনে অসমৰ সুদক্ষ খেলুৱৈ হোৱাৰ পিছতো চৰকাৰৰ হেমাহিৰ বাবে নেপাল দেশে ক্ৰয় কৰি নেপালৰ হৈ খেলি থকা খেলুৱৈজন বৃহস্পতিবাৰে খেৰণিস্থিত নিজা গৃহত উপস্থিত হোৱাত কাৰ্বি ছাত্ৰ সন্থাই উষ্ম সম্বৰ্ধনা জনায়। আনহাতে খেলুৱৈজনে তেওঁক অসম বা ভাৰত চৰকাৰে উভতাই আনি ভাৰতৰ হৈ যাতে খেলিব পাৰে ইয়াৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায়৷