Local, Vocal, Global

শ্বাসৰুদ্ধ ১০৬ ঘন্টাৰ অন্ত

নিউজ ডেস্ক, ১৫ জুন : Chhattisgarhৰ Janjgir-Champa জিলাৰ Pihrid গাঁৱৰ কুঁৱাত পৰি যোৱা এজন ১০ বছৰীয়া লৰা ১০০ ঘণ্টাতকৈও অধিক সময়ৰ উদ্ধাৰ অভিযানৰ পিছত NDRF বাহিনীয়ে সফলতাৰে উদ্ধাৰ কৰে।

ৰাহুল চাহু নামৰ ১০ বছৰীয়া লৰাজনক মঙলবাৰে মাজনিশা সুৰক্ষিতভাৱে কুঁৱাৰ পৰা উলিয়াই আনে।

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী Bhupesh Baghelএ টুইট কৰি কয় যে ৰাজ্যখনে ইতিহাস সৃষ্টি কৰিছে “সকলোৰে প্ৰাৰ্থনা আৰু উদ্ধাৰকাৰী দলৰ নিৰন্তৰ, সমৰ্পিত প্ৰচেষ্টাৰ সৈতে ৰাহুল চাহুক সুৰক্ষিতভাৱে উলিয়াই অনা হৈছে। এইটো আমাৰ ইচ্ছা যে তেওঁ যিমান সম্ভৱ সোনকালে সম্পূৰ্ণৰূপে আৰোগ্য হ’ব,” ।

উল্লেখযোগ্য যে, ৰাহুল চাহু Malkharoda খণ্ডৰ পিহৰিদ গাঁৱত এটা ৬০ ফুট গভীৰ কুঁৱাত আৱদ্ধ হৈ আছিল। আৰু উদ্ধাৰ অভিযানৰ বাবে প্ৰায় ১৫০ জন বিষয়া মোতায়েন কৰিছিল। ভাৰতীয় সেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF) আৰু জিলা প্ৰশাসনে যুটীয়াভাৱে উদ্ধাৰ অভিযান চলাইছিল।

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে চাহুৰ স্বাস্থ্যৰ স্থিতি নিশ্চিত কৰি কৈছিল যে “কুঁৱাৰ পৰা উদ্ধাৰ হোৱাৰ পিছত, ৰাহুলক Bilaspur Apollo Hospitalলৈ লৈ যোৱা হয় আৰু তেওঁক বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ এটা দলৰ তত্বাৱধানত ICUত ৰখা হৈছে।”