Local, Vocal, Global

ৰাজ্যত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, গ্ৰেপ্তাৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী

নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । দক্ষিন শালমাৰা মানকাচৰ জিলাত নিষিদ্ধ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে l ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম l 

 উল্লেখযোগ্য যে মঙ্গলবাৰে সন্ধিয়া মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপালী বৰুৱাৰ নেতৃত্বত  মানকাচৰৰ নিউ মাকেটত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই দুগৰাকী ড্ৰাগছ বিক্ৰী কৰাৰ অবস্থাত  হাতে লোটে ক্ৰমে নাজিৰ হুছেইন, গোপাল পাল আৰু বাপন পালক গ্ৰেপ্তাৰ কৰে l উল্লেখযোগ্য যে ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা Spsphen capsul 400 টা,Nitrosum tablet 80 টা আৰু Eskuf Dx Syrup 03 বটল জব্দ কৰে।
ঘটনা সন্দৰ্ভত মানকাচৰ থানাত 69/2022 নম্বৰত ,এখন গোচৰ ৰুজু কৰি দুয়োজনকে হাটশিঙীমাৰী আদালতলৈ প্ৰেৰণ কৰে।