Local, Vocal, Global

Bomb Threat At Bhopal Airport : বিমান বন্দৰত বোমাৰ আতংক,ই-মেইল প্ৰেৰণ কৰি বোমাৰ ভাবুকি দুৰ্বৃত্তৰ

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল : এইবাৰ বিমান বন্দৰত বোমাৰ আতংক ৷ ই-মেইল প্ৰেৰণ কৰি বোমাৰ ভাবুকি দুৰ্বৃত্তৰ৷

সোমবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে অনুসৰি মধ্যপ্ৰদেশৰ ভূপালৰ ৰাজা ভোজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ নাম উল্লেখ নকৰাকৈ বোমাৰ ভাবুকি(Bomb Threat At Bhopal Airport, Police Launch Probe)।

এই ভাবুকি ভৰা ই-মেইলৰ পাচতে বিমানবন্দৰৰ মুখ্য নিৰাপত্তা বিষয়া বিশাল কুমাৰ শৰ্মাই গান্ধী নগৰ থানাত এক অভিযোগ দাখিল কৰে ৷ বিষয়া বিশাল কুমাৰ শৰ্মাৰ এই অভিযোগৰ ভিত্তিতে গান্ধী নগৰ থানাত এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

আৰক্ষী উপ আয়ুক্ত (ডিচিপি, জ’ন ৪) সুন্দৰ সিং কানেশে সংবাদ সংস্থা এএনআইক ফোনযোগে জনোৱা অনুসৰি, “বিমানবন্দৰ কৰ্তৃপক্ষই অভিযোগ দাখিল কৰিছে যে তেওঁলোকে বোমাৰ ভাবুকি তথা বিমানবন্দৰটো বিস্ফোৰণত উৰুৱাই দিয়াৰ এক ই-মেইল লাভ কৰিছে । ই-মেইলটোত লগতে উল্লেখ কৰা হৈছে যে বিমানখনত বোমা ৰখা হৈছে, যাৰ ফলত বিমানবন্দৰটো বিস্ফোৰিত কৰাৰ ভাবুকি আহিছে(Bhopal Airport Receives Hoax Bomb Threat Email) ।”

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তৎপৰতাৰে তদন্ত আৰম্ভ কৰিছে । তথ্য আৰু তদন্তৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে(Email threat to blow up flights Case registered in Bhopal probe underway) ।

লগতে পঢ়ক : Peru bus crash kills 25 : নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ পৰিল নৈত;নিহত ২৫জন , আহত ১৩জন