Local, Vocal, Global

PM Modi US Visit : ‘টেছলা শীঘ্ৰেই ভাৰতত আহিব’ : এলন মাস্ক

ইণ্টাৰনেচনেল ডেস্ক, ২১ জুন : বৰ্তমান আমেৰিকা ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi US Visit) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ প্ৰথম দিনটোতে মঙলবাৰে টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্ককে ধৰি বিভিন্ন ক্ষেত্ৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰে (Elon Musk Meeting With PM Modi) । মোদীক সাক্ষাতৰ পিছত মাস্কে দৃঢ়তাৰে কয় যে ভাৰতৰ আন যিকোনো বৃহৎ দেশতকৈ অধিক প্ৰতিশ্ৰুতি আছে আৰু তেওঁ দেশখনৰ ভৱিষ্যতক লৈ অতি উৎসাহিত ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাতৰ পিছত টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে কয় যে টেছলা ভাৰতত থাকিব বুলি তেওঁ নিশ্চিত । প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰি মাস্কে কয় যে মোদীয়ে ভাৰতত গুৰুত্বপূৰ্ণ বিনিয়োগৰ বাবে আমাক অনুসৰণ কৰি আছে যিটোৱে দেশৰ প্ৰতি তেওঁৰ অনুগত্য প্ৰদৰ্শন কৰে ।

মোদীক সাক্ষাতৰ পিছত মাস্কে সাংবাদিকৰ আগত কয় যে তেওঁৰ মালিকানাধীন ছ’চিয়েল মিডিয়াৰ সম্ৰাট স্বৰূপ টুইটাৰৰ স্থানীয় চৰকাৰক অনুসৰণ কৰাৰ বাহিৰে আন উপায় নাই । কিয়নো সেইটো নকৰিলে তাত টুইটাৰ বন্ধ হৈ যাব । কোম্পানীটোৰ প্ৰাক্তন মালিক তথা মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্চেৰ শেহতীয়া ভাৰত চৰকাৰৰ বিৰুদ্ধে কৰা অভিযোগৰ বিষয়ে সোধাত তেওঁ এনেদৰে কয় ।

লগত তেওঁ কয় যে “যিকোনো দেশত আমি সেই দেশখনৰ আইন অনুসৰণ কৰাটোৱেই সৰ্বশ্ৰেষ্ঠ । আমাৰ বাবে তাতকৈ আগত কৰাটো অসম্ভৱ ।” বিভিন্ন প্ৰকাৰৰ চৰকাৰৰ বাবে বিভিন্ন নিয়ম-নীতি আছে বুলি কৈ তেওঁ কয়, “আইনৰ অধীনত যিমান সম্ভৱ আটাইতকৈ মুক্তভাৱে বক্তব্য প্ৰদান কৰিবলৈ আমি যথাসাধ্য চেষ্টা কৰিম ।

“টেছলাই ভাৰতীয় বজাৰত প্ৰৱেশ কৰিব নেকি বুলি সোধাত মাস্কে কয় যে তেওঁ অহা বছৰ ভাৰত ভ্ৰমণৰ পৰিকল্পনা কৰিছে । তেওঁ কয়, “মই নিশ্চিত যে টেছলা ভাৰতত থাকিব আৰু মানৱীয়ভাৱে যিমান সম্ভৱ সকলো কৰিব ।” “মই প্ৰধানমন্ত্ৰীক তেওঁৰ সমৰ্থনৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ যে আমি অদূৰ ভৱিষ্যতে কিবা ঘোষণা কৰিবলৈ সক্ষম হ’ম ।”

টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে লগতে কয়, “আমি কিবা এটা ঘোষণা কৰিবলৈ খৰখেদা কৰিব নিবিচাৰোঁ । কিন্তু মই ভাবোঁ যে এইটো ভাৰতৰ সৈতে আমাৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ বিনিয়োগ হোৱাৰ সম্ভাৱনা আছে ।” আনহাতে, এক পৃথক ভিডিঅ’ বিবৃতিত মাস্কে মোদীক প্ৰশংসা কৰি কয়, “তেওঁ ভাৰতৰ বিষয়ে সঁচাকৈয়ে চিন্তা কৰে । কিয়নো তেওঁ ভাৰতত গুৰুত্বপূৰ্ণ বিনিয়োগ কৰিবলৈ আমাক অনুসৰণ কৰি আছে । মই মোদীৰ অনুৰাগী ।

“সৌৰশক্তি বিনিয়োগৰ বাবে ভাৰত মহান বুলি উল্লেখ কৰি মাস্কে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপক উৎকৃষ্ট বুলি অভিহিত কৰে । উল্লেখ্য, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ আমন্ত্ৰণত ২১-২৪ জুনলৈ আমেৰিকা ভ্ৰমণলৈ যোৱা মোদীয়ে নোবেল বঁটা বিজয়ী, অৰ্থনীতিবিদ, শিল্পী, বিজ্ঞানী, পণ্ডিত, উদ্যোগী, শিক্ষাবিদ আৰু স্বাস্থ্য খণ্ডৰ বিশেষজ্ঞকে ধৰি বিভিন্ন ক্ষেত্ৰৰ দুই ডজনৰো অধিক চিন্তাশীল নেতাক সাক্ষাৎ কৰিছে ।

মাস্কৰ উপৰি মোদীয়ে সাক্ষাৎ কৰা লোকসকলকৰ ভিতৰত আছে জ্যোতিৰ্বিজ্ঞানী আৰু লেখক নীল ডিগ্ৰাছ টাইচন, নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ পল ৰোমাৰ, লেখক নিকোলাছ নাছিম তালেব আৰু বিনিয়োগকাৰী ৰে ডালিঅ’ ।

লগতে পঢ়ক : Yoga for lungs : যোগ-ব্যায়ামৰ জৰিয়তে সুস্থ-সবল কৰি ৰাখক আপোনাৰ হাঁওফাঁও