Local, Vocal, Global

Elephant Safari at Kaziranga National Park Closed Indefinitely : বন্ধ হাতী ছাফাৰী ; পৰ্যটকৰ মাজত অভাৱনীয় পৰিস্থিতি

নিউজ ডেস্ক, ২৪ ডিচেম্বৰ : দেওবাৰে পুৱাই কাজিৰঙাত পৰ্যটকৰ হাহাকাৰ ৷ হাতী ছাফাৰী কৰিবলৈ নাপাই জীপ ছাফাৰী কৰিবলৈ হেতা ওপৰা পৰ্যটকৰ ৷

হাতী ছাফাৰী কৰিবলৈ পূৰ্বৰ বুকিং কৰাৰ পাছতো নাপালে পৰ্যটকে। কোনো পৰ্যটকে কাজিৰঙাত হাতী ছাফাৰী কৰিবলৈ নাপালে । মনৰ ইচ্ছা মনতে ৰাখি ঘৰলৈ উভতিল পৰ্যটকে। এই পৰিস্থিতিৰ একাংশই জগৰীয়া কৰে বন বিভাগক(Elephant Safari at Kaziranga National Park Closed Indefinitely) ।

উল্লেখ্য যে শনিবাৰে ব্যক্তিগত হাতী ছাফাৰী সন্থাই এক সংবাদমেলযোগে দেওবাৰৰ পৰা হাতী ছাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ তাৰ পাছতে আজি পুৱা পূৰ্বৰ বুকিং অনুসৰি হাতী ছাফাৰী কৰিবলৈ অহা পৰ্যটকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷ একাংশ পৰ্যটকে উপায়ন্তৰ হৈ জীপ ছাফাৰী কৰাৰ বিপৰীতে আন একাংশ পৰ্যটক উভতি যাবলৈ বাধ্য হয় (Elephant Safari At KNP Closed Indefinitely From Dec 24)৷

ইফালে প্ৰতিটো হাতী ছাফাৰীৰ লগত বন বিভাগে ব্যক্তিগত হাতীত এজনকৈ সুৰক্ষা কৰ্মী মোতায়েন কৰে। হাতী ছাফাৰীৰ এখন আসন সেই সুৰক্ষাকৰ্মীজনক দিবলগীয়া হয়। যাৰ ফলত লোকচানৰ সন্মুখীন হৈছে ব্যক্তিগত হাতী ছাফাৰী কৰোৱা লোকসকল।

ইপিনে বন বিভাগ বৰ্তমানেও প্ৰতিটো ব্যক্তিগত হাতীত এজনকৈ সুৰক্ষা কৰ্মী মোতায়েত কৰা সিদ্ধান্তত অটল।

জানিব পৰা মতে, কাজিৰঙাৰ বন্য জীৱ জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে এই ব্যৱস্থা কৰিছে বন বিভাগে। কিন্তু বন বিভাগৰ সিদ্ধান্ত মানি নলয় ব্যক্তিগত হাতী ছাফাৰী সন্থাই। বন বিভাগৰ এই ব্যৱস্থা উঠাই লোৱাৰ দাবী ব্যক্তিগত হাতী ছাফাৰী সন্থাৰ (Elephant Safari closed indefinitely at Kaziranga National Park from Dec 24)।

লগতে পঢ়ক :Fire Breaks out in Moving Vehicle : ৰাজপথত দাউদাউকৈ জ্বলি উঠিল টাটা নেন’ বাহন