Elephant menace in Tamulpur : তামুলপুৰত বন্যহস্তীৰ উপদ্ৰৱ; বনৰীয়া হাতীটোৱে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰিলে বাসগৃহ
নিউজ ডেস্ক,৩০জুন : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।
খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Tamulpur) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালৈক তামুলপুৰত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ । খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকে নিদ্ৰা হৰণ কৰিছে সীমান্তবাসী ৰাইজৰ।তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীয়ে ভাঙিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ।
আজি কিছুদিন ধৰি বনৰীয়া হাতীৰ জাকে কেইবাটাও ভাগত বিভক্ত হৈ সীমান্তৰ গাঁওবোৰত খেতি পথাৰ শস্য খাই তহিলং কৰাৰ লগতে মানুহৰ ঘৰ ভাঙি বিধস্ত কৰিছে ৷ শনিবাৰে নিশাও বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটি প্ৰকাণ্ড হাতীয়ে ১ নং পাহাৰপুৰত নৰ বাহাদুৰ কাৰ্কী, চবিন সুত্ৰধৰ, ৰবেট চৰেনৰ বাসগৃহ ভাঙি চূড়মাৰ কৰে।
হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে স্থানীয় লোকসকল। বনৰীয়া হাতীৰ উপদ্ৰৱত শংকিত হৈ পৰিছে ভাৰত ভূটান সীমান্তত ৰাইজ ৷
লগতে পঢ়ক : Nine detained in Gauhati University marksheet scam : GUৰ মাৰ্কশ্বীট কেলেংকাৰিত জড়িত পুনৰ এজনক গ্ৰেপ্তাৰ