Man Elephant conflict : বন্যহস্তীৰ আক্ৰমণত নিহত দুজন ,অঞ্চজুৰি তীব্ৰ চাঞ্চল্য

কলিয়াবৰ, ৬ ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ । বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ।
ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in koliabor)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ । বন্যহস্তীৰ আক্ৰমণত নিহত দুজন ৷ নিহত যুৱক দুজন বিৰেন লোহাৰ আৰু চমা মূৰা বুলি জানিব পৰা গৈছে ৷
ঘটনা অনুসৰি, মঙলবাৰে নিশা কলিয়াবৰত সংঘতি হয় এক শোকাৱহ ঘটনা।কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত দুজন। নিহত যুৱক দুজন- বিৰেন লোহাৰ(বুদু) আৰু চমা মূৰা(পেট্ৰা) বুলি জানিব পৰা গৈছে । হাতীগাঁও বাগানৰ ১নং চালকনা বস্তিত মঙলবাৰে নিশা প্ৰায় ৯ বজাত ধান ৰখিবলৈ যোৱা অৱস্থাত বন্য হস্তীৰ আক্ৰমণত তেওঁলোকে দুয়োজনে প্ৰাণ হেৰুৱায়।
জানিব পৰা মতে, কাৰ্বি পাহাৰৰ পৰা পথাৰৰ ধান খাবলৈ নামি আহিছিল হাতী জাকটোৱে ।যুৱক দুজনে ধাননি পথাৰত হাতী খেদিবলৈ যাওতেই হাতীয়ে আক্ৰমণ কৰে ।
এই ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী বন বিভাগৰলোক উপস্থিত হয়। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ভিন্ন প্ৰান্তত বন্য হস্তী আৰু মানুহৰ সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰাৰ সময়তে মঙ্গলবাৰে নিশা কলিয়াবৰৰ হাতীগাঁও বাগানত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলায় দুজন লোকক নিধন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে।
হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।
লগতে পঢ়ক :Man Elephant conflict : নগাঁৱৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ