Local, Vocal, Global

Encounter in Nagaon : ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : ৰাজ্যত পুনৰ এনকাউণ্টাৰ ঘটনা । পুনৰ অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ।

এইবাৰ নগাঁৱত কুখ্যাত অপৰাধীলৈ আৰক্ষীৰ গুলী । নগাঁৱৰ ৰূপহীহাটত কুখ্যাত অপৰাধী লৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা(Encounter in Nagaon) ।

মঙলবাৰে নিশা সংঘটিত হৈছে এই ঘটনা । আৰক্ষীৰ গুলীত দুই ভৰিত গুলীবিদ্ধ হৈছে অপৰাধী । আহত অপৰাধীটো ওমৰ ফাৰুক । নিশা আৰক্ষী কৰা হোৱা এক অভিযানত ৰূপহীহাটৰ উত্তৰ খাটোৱালৰ পৰা কৰায়ত্ত কৰে ওমৰ ফাৰুকক । লুকুৱাই থোৱা মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ যাওঁতেই আৰক্ষীক গুলীয়াই পলায়নৰ চেষ্টা কৰে অপৰাধী ওমৰ ফাৰুক তেনে সময়তে আৰক্ষীয়ে গুলীচালনা কৰে(Encounter in Nagaon) ।

গুলীবিদ্ধ ওমৰ ফাৰুকক উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ।

জানিব পৰা মতে,বহুকেইটা অপৰাধজনিত ঘটনাত জড়িত আছিল ওমৰ।

লগতে পঢ়ক : Cattle smuggling in Assam : বিলাসী বাহনত উদ্ধাৰ চোৰাং গৰু, আটক এজন