Local, Vocal, Global

Elephant menace in Jamugurihat : জামুগুৰিহাটৰ বামুনিপামত বন্যহস্তীৰ সন্ত্ৰাস

নিউজ ডেস্ক,২৮ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Jamugurihat)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে । ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ। জামুগুৰিহাটৰ বামুনিপামৰ যোগীবস্তি অঞ্চলত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই কৃষক ৰাইজৰ খেতিপথাৰ নষ্ট কৰিছে৷ জীয়াভৰলী নদীপৰীয়া দুৰ্ভগীয়া কৃষক ৰাইজে মুৰৰ ঘাম মাতিত পেলাই বহু কষ্টেৰে কৰা ধান খেতি সমুহ চপোৱাৰ বাবে কেইটামান দিন বাকী থকা তথা ধান সমুহ পকাৰ আগ মুহুৰ্ততে এনেদৰে বনৰীয়া হাতীৰ জাকে খেচিগুলি খাই তহিলং কৰাত কৃষক ৰাইজে মুৰে কপালে হাত দিছে ৷

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিশাৰ ভাগত খাদ্যৰ সন্ধানত ওলাই আহে ৪০/৫০ জনীয়া বনৰীয়া হাতীৰ জাক।বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকটোৱে তাণ্ডৱ অব্যাহত ৰাখি নিশাৰ ভাগত ৰাইজৰ ঘৰদুৱাৰ ভাঙি তহিলং কৰাৰ আশংকা প্ৰকাশ কৰি বিনিদ্ৰ ৰজনী কটাব লগীয়াত পৰিছে গঞা ৰাইজ৷

ঢাল তৰোৱাল বিহীন বনবিভাগৰ লোক সকল উপস্থিত হৈ অঞ্চলটোত বনৰীয়া হাতীৰ উদ্ৰৱ তথা বনৰীয়া হাতীৰ জাকটোক দেখা পায় আৰু কৃষকৰ ধান খেতি নষ্ট কৰা দেখা পাই যদিও বন বিভাগৰ লোক সকলে বনৰীয়া হাতীৰ জাকটোক সেই ঠাইৰ পৰা খেদি পঠোৱাৰ ব্যৱস্থা নকৰি ওভিতহে যায় বুলি ৰাইজে অভিযোগ কৰিছে ৷

দীৰ্ঘদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত থকাৰ পিছতো ইয়াৰ সমীপতে থকা ডিপলোঙা বনাঞ্চলিক কাৰ্য্যালয়ৰ বনবিষয়া ও বনকৰ্মী সকলে বনৰীয়া হাতী খেদি পথোৱা অথবা হাতী প্ৰতিৰোধৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ কৰিছে৷

লগতে পঢ়ক :Elephant menace in Mariani : মৰিয়নীত জনাঞ্চলত বিচৰণ বন্যহস্তীৰ