Elephant menace in Mariani : মৰিয়নীত জনাঞ্চলত বিচৰণ বন্যহস্তীৰ
নিউজ ডেস্ক,১৬ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Mariani)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
মৰিয়নীত জনাঞ্চলত বিচৰণ বন্যহস্তীৰ ৷ হোলোঙাপাৰা গিবন অভয়াৰণ্য পৰা অহা বন্যহস্তীৰ জাক এটাই তহলিং কৰিলে বহু বিঘা ধান খেতি ৷
সোমবাৰে পুৱতি নিশা মৰিয়নীৰ নকছাৰী তিৰুৱাল ভেটা পথাৰত বন্যহস্তীৰ জাক এটাই উপদ্ৰৱ চলাই ৷ বহু বিঘা সঁজাল ধৰা ধাননি পথাৰ অনিষ্ট কৰা ফলত এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে শ্ৰমজীৱী কৃষক ৰাইজে ৷ ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়া হৈছিল যদিও বন বিভাগৰ লোক সময়ত উপস্থিত নোহোৱাৰ অভিযোগ ৷