Elephant menace in Chirang : চিৰাঙৰ ভাৰত-ভূটান সীমান্ত বন্যহস্তী আৰু মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ

নিউজ ডেস্ক,২০জুলাই : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।
খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Chirang) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ।
চিৰাঙৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত বন্যহস্তী আৰু মানুহৰ সংঘাত তীব্ৰ ৰূপ ধাৰণ কৰিছে। নিশাৰ ভাগত খাদ্যৰ সন্ধানত জংঘলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে দেউশ্ৰী এলেকাত প্ৰৱেশ কৰি তাণ্ডৱ চলোৱাটো নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে।
নিশা হ’লেই বনৰীয়া হাতীৰ জাকে দেউশ্ৰী বনগাঁৱত প্ৰৱেশ কৰি মানুহৰ পকী ঘৰ-দুৱাৰ ভঙাৰ উপৰি তামোল বাগান, গছ-গছনি বিনষ্ট কৰে।শুকুৰবাৰে নিশাও বনৰীয়া হাতীৰ জাকে দেউশ্ৰী বনগাঁৱৰ বাসিন্দা প্ৰকাশ কটোৱাল, পদ্ম মগৰ, কৃষ্ণ বাহাদুৰ খোৰ্কা আৰু ৰায়বাহাদুৰ গলেৰ বাসগৃহত ভাঙি বিস্তৰ ক্ষতিসাধন কৰে।
চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত মানুহৰ অবাধ বন ধ্বংস আৰু বনাঞ্চল দখলৰ বাবে কেইবা বছৰ ধৰি বনৰীয়া হাতী আৰু মানুহৰ এই সংঘাত বৃদ্ধি পাইছে। এইক্ষেত্ৰত বনবিভাগৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।
লগতে পঢ়ক : Minor boy died by drowning in pond : পানীত পৰি সলিল সমাধি ছাত্ৰৰ