Local, Vocal, Global

Minor boy died by drowning in pond : পানীত পৰি সলিল সমাধি ছাত্ৰৰ

নিউজ ডেস্ক,২০জুলাই : পানীত পৰি সলিল সমাধি ছাত্ৰৰ ।

বৰপেটাৰোডৰ গুৱাগাছাত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা । বৰপেটাৰোডৰ গুৱাগাছাত এটা খালত পৰি সলিল সমাধি এজন ১৬ বছৰীয়া ছাত্ৰৰ । নিহত ছাত্ৰজনৰ নাম জুমন ৰায়(Minor boy died by drowning in pond) ৷

জানিব পৰা মতে, গৰমৰ বন্ধৰ বাবে মাণিকপুৰৰ টাকাবাৰীৰ পৰা বৰপেটাৰোডৰ গুৱাগাছাত থকা পেহীয়েকৰ ঘৰলৈ শুকুৰবাৰে ফুৰিবলৈ আহিছিল পদ্মলোচন ৰায়ৰ পুত্ৰ জুমন ৷ পেহীয়েকৰ ঘৰ পাই আনন্দত আত্মহাৰা হৈ থকা জুমনে গাঁৱৰে এটা প্ৰকাণ্ড খালত চাৰিজন সমনীয়াৰ সৈতে গা ধুবলৈ নামে ৷

কিন্তু হঠাৎ ভৰি পিচলি খালটোত সোমাই পৰে জুমন । সমনীয়াই উদ্ধাৰৰ বাবে চেষ্টা চলাইছিল যদিও বিফল হয় । পৰৱৰ্তী সময়ত SDRF এ উদ্ধাৰ কৰে ছাত্ৰজনৰ মৃতদেহ(Minor boy died by drowning in pond in Barpeta) ৷

লগতে পঢ়ক : Assam to hold Gunotsav 2025 from January 6 to February 9 :৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব গুণোৎসৱ ২০২৫