Local, Vocal, Global

ঔটেঙা বা Elephant Apple

ঔটেঙা আমাৰ সকলোৰে পৰিচিত। ঔটেঙা নোখোৱা মানুহ হয়তো খুব কমেই আছে,

এছিয়া মহাদেশৰ ভিতৰত ফিলিপাইনৰ পিছত সৰ্বাধিক অসমত বেছিকৈ হোৱা এই ফলবিধ আমাৰ গাঁৱলীয়া সমাজত অতিকে জনপ্ৰিয়।

ঔটেঙা হৈছে এক চিৰসেউজীয়া ডাঙৰ আকাৰৰ জোপোহা উদ্ভিদ। ঔটেঙা Dilleniaceae পৰিয়ালৰ অন্তৰ্ভুক্ত উদ্ভিদ। ঔটেঙাক ইংৰাজীত Elephant Apple আৰু হিন্দীত Chulta বুলি কোৱা হয়। ঔটেঙাৰ বৈজ্ঞানিক নাম হৈছে – ‘Dillenia indica’

ঔটেঙা সুৱাদৰ কথা হয়তো বেলেগকৈ কব নালাগে , ঔটেঙা আমি আচাৰ বনাই, চৰৱত বনাই আৰু বিভিন্ন ধৰণেৰে খাব পাৰো, বিশেষকৈ ঔটেঙাৰ লগত ঢেকীয়া আৰু মাছৰ জোলৰ সুৱাদৰ কথাটো ক’বই নালাগে ।

সচাকৈ যিসকলে খাই তেওঁলোকেহে বুজিব ঔটেঙাৰ সুৱাদ ।

চিৰসেউজ জোপোহা উদ্ভিদ ঔটেঙা স্বাস্থ্যৰ বাবে বহুতো উপকাৰি যেনে – ই বৃক্কৰ ৰোগ প্ৰতিৰোধ কৰে, বয়সত কৈ সৰু দেখা, ৰক্তচাপ হ্ৰাস কৰা আদিত সহায় কৰে।

ঔটেঙা ঔষধৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয়। এই ফলৰ ৰস স্নায়ু তন্ত্ৰ টান কৰাৰ বাবে শীতল পানীয় হিচাপে ব্যৱহাৰ কৰা হয়।

ঔটেঙাই পেটৰ বিষ উপশম কৰাত সহায় কৰে আৰু শৰীৰৰ তাপ নিয়ন্ত্ৰণ কৰে।

অসমত সৰু বসন্ত আৰু কলেৰাৰ ৰোগৰ পৰা উপশম পাৱৰ কাৰণে ঔটেঙা বিচনাৰ তলত ৰখা হয়।

ধান খেতিৰ সময়ত অসম বাসীয়ে ঔটেঙা ফলতো প্ৰাকৃতিক কীটনাশক হিচাপে ব্যৱহাৰ কৰে।

ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ঔটেঙাত প্ৰচুৰ চি, ই, আৰু এণ্টি অক্সিডেণ্ট থকাৰ বাবে মাৰাত্মক কেন্সাৰ প্ৰতিৰোধ কৰাতো ঔটেঙাই বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি বহুতে কয় ।

ঔটেঙা বিষৰ বাবে ব্যাপক প্ৰতিষেধক হিচাপেও ব্যৱহাৰ কৰা হয়।

ঔটেঙা ফলৰ ৰস হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ চিকিৎসা হিচাপেও খাব পাৰি।