Local, Vocal, Global

Watch | Election violence occurs in the premises of the polling station: চাপৰৰ পুঠিমাৰীত সংঘটিত হয় নিৰ্বাচনী হিংসাত্মক ঘটনা

চাপৰ : দুটা ফৈদৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা। মাৰপিটৰ ফলত উভয় পক্ষৰে বহু কেইগৰাকী পুৰুষ মহিলা আঘাতপ্ৰাপ্ত হয়। দুটা ফৈদৰ উভয় পক্ষই উভয় পক্ষৰ বিৰুদ্ধে চাপৰ আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ।

উল্লেখ্য যে বিৰচিং জৰুৱা সমষ্টিৰ অন্তৰ্গত পুঠিমাৰীত নায়েৰআলগা- টিলাপাৰা জিলা পৰিষদৰ সদ্য ঘোষিত বিজয়ী প্ৰাৰ্থীয়ে সমৰ্থক সকলোক লৈ ভোটাৰক শুভেচ্ছা জনাবলৈ আহে। কিন্তু পুঠিমাৰী পঞ্চায়তৰ আঞ্চলিক সদস্যা পদত পৰাজিত প্ৰাৰ্থীৰ সমৰ্থক সকলে জিলা পৰিষদৰ প্ৰাৰ্থীৰ সমৰ্থক সকলক মাৰপিট কৰাৰ অভিযোগ। পৰাজিত আঞ্চলিক সদস্যা গৰাকীক সমৰ্থন নকৰি বেলেগ প্ৰাৰ্থীক সমৰ্থন কৰাৰ বাবে এই মাৰপিট কৰাৰ অভিযোগ জিলা পৰিষদৰ প্ৰাৰ্থীৰ সমৰ্থক সকলৰ।

অৱশেষত দুটা পক্ষৰ লোকে নিশা চাপৰ আৰক্ষী থানাত উপস্থিত হৈ উভয়ে উভয় পক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।এই মাৰপিটৰ আচল ৰহস্য কি সেয়া আৰক্ষীৰ তদন্ততহে ওলাই পৰিব।