Local, Vocal, Global

Watch | Election campaigns: ছিপাঝাৰৰ বৰদৌলগুৰি দুমুনিচকী জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বাহাৰুল ইছলামৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ

ছিপাঝাৰ: অহা ৭ মে’ত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া পঞ্চায়ত নিৰ্বাচনকলৈ ছিপাঝাৰত আকৰ্ষণীয় হৈ পৰিছে প্ৰাৰ্থী সকলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।

মিত্ৰজোঁটে ঠায়ে ঠায়ে প্ৰচাৰ সভা অনুষ্ঠিত কৰি ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ মাজতে ছিপাঝাৰৰ বৰদৌলগুৰি -দুমুনিচকী জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী বাহাৰুল ইছলামে গাঁৱে অঞ্চলটোৰ চ’ক বজাৰ সমূহৰ দোকানে দোকানে ,গাঁৱৰ ভোটাৰৰ ঘৰে ঘৰে গৈ এক ব্যতিক্ৰমী ৰূপত নিজৰ প্ৰচাৰমাধ্যম চলাই ভোটাৰৰ সমৰ্থন, মৰম আৰু আস্থা লাভৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

প্ৰাৰ্থী গৰাকীয়ে  বৃহস্পতিবাৰে সন্ধিয়া সময়ত জিলা পৰিষদ সমষ্টিটোৰ লাইজান চ’কত দোকানে দোকানে নিজৰ প্ৰচাৰ চলোৱা দেখা গ’ল। প্ৰাৰ্থী গৰাকীক সংগ দিয়ে দৰং জিলা কংগ্ৰেছৰ উপ সভাপতি জগন্নাথ গোস্বামী, সাধাৰণ সম্পাদক আফাজুদ্দিন আহমেদে।
জানিব পৰা মতে কংগ্ৰেছৰ  উল্লিখিত জিলা পৰিষদ সমষ্টিটো প্ৰাৰ্থী গৰাকীয়ে বেনাৰ-প’ষ্টাৰৰ পৰিৱৰ্তে এনেদৰেই ভোটাৰ ওচৰ চাপি মৰম বিচৰা পন্থা গ্ৰহন বুলি প্ৰকাশ।