Local, Vocal, Global

জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক থকা আৰু আঠজন লোকক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২৮ জুলাই : ৰাজ্যত অব্যাহত আছে জেহাদীৰ কাৰ্য্যকলাপ। বৃহস্পতিবাৰে অসমৰ Morigaon জিলাৰ মইৰাবাৰীত জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক থকা আৰু আঠজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

মৰিগাঁও আৰক্ষীয়ে Sarusola Girls Madrassaত তালাচী অভিযান চলাই লিংকমেনকেইজনক গ্ৰেপ্তাৰ কৰিছিল। উল্লেখ্য যে, লিংকমেনকেইজনক জেৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।

ইয়াৰ পূৰ্বে আজি আৰক্ষীয়ে মৈৰাবাৰীৰ Jamiulhuda Madrassaৰ মুৰব্বী মুফতি মুস্তাফা নামৰ এজন জেহাদী লিংকমেনক গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে সন্ত্ৰাসবাদী সংগঠন Al-Qaedaৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল। আৰক্ষীয়ে মুস্তাফাৰ দখলৰ পৰা বেংকৰ পাছবুক আৰু মোবাইল ফোনকে ধৰি বিভিন্ন নথিপত্ৰ জব্দ কৰিছে। আনহাতে মাদ্ৰাছাখনো আৰক্ষীয়ে বন্ধ কৰি দিছিল।

ইফালে, মৰিগাঁৱৰ মিলনপুৰৰ পৰা আফছাৰুল নামৰ আন এজন লিংকমেনক গ্ৰেপ্তাৰ কৰিছে।