Local, Vocal, Global

অসমত পুনৰ সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ২৮ জুলাই : অসমৰ Jorhat জিলাৰ মোহবন্ধা অঞ্চলত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এখন ট্ৰাকৰ সৈতে হোৱা এখন মেজিক ভানৰ সংঘৰ্ষত কমেও সাতজন লোক আহত হৈছে।

খবৰ অনুসৰি, সংঘৰ্ষৰ পিছত ভানখন ওচৰৰ পুখুৰীত পৰি যায় আৰু স্থানীয় লোকৰ তৎপৰতাত যাত্ৰীসকলক সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পৰৱৰ্তীসময়ত আহতসকলক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ (JMCH) লৈ যোৱা হৈছিল। আনহাতে তেওঁলোকৰ চাৰিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, দুৰ্ঘটনাটোৰ পিছত ট্ৰাকৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।