Local, Vocal, Global

Watch | Eid-ul-Azha celebration in the communal Eidgah of Titabor Borhoola: তিতাবৰৰ বৰহোলাৰ সামূহিক ইদগ্ৰাহত ঈদ–উজ–জোহা পালন

তিতাবৰ: আজি ঈদ–উজ–জোহা। ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উছাহ দেখা গৈছে। সমগ্ৰ বিশ্বৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ–মালহেৰে উদযাপন কৰিছে ঈদ–উজ–জোহা। তাৰ সমান্তৰালকৈ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক সাৰোগত কৰি তিতাবৰৰ বৰহোলাৰ সামূহিক ইদগ্ৰাহত পুৱাই সমূহীয়া ঈদৰ নামাজত অংশ ল’লে চাৰিটা জামাজৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজে। ঈদ–উজ–জোহা উৎসৱত নিহিত হৈ আছে ত্যাগৰ বাৰ্তা। ঈদ–উজ–জোহা উৎসৱ উদযাপনে ত্যাগ, কৰুণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে।