Local, Vocal, Global

Eid al-Adha 2024 : আজি পবিত্ৰ ঈদ-উল-আজহা

আজি সমগ্ৰ দেশজুৰি পালন কৰা হয় ঈদ-উল-আজহা (Eid al-Adha 2024) ৷ ইছলাম ধৰ্মাৱলম্বীসকলৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম হ’ল ঈদ-উল-আজহা । এই উৎসৱৰ আন দুটা নাম হ’ল বকৰ-ঈদ আৰু কুৰ্বানি ঈদ । কুৰ্বানি ঈদৰ মূল অৰ্থ হ’ল ত্যাগৰ উৎসৱ ।

এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ । এই দিনটোত মুছলিম ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী কুৰ্বানি দিয়ে ৷ কুৰ্বানিৰ জৰিয়তে মানুহৰ অন্তৰত থকা পশুত্ব ত্যাগ কৰাই এই ঈদৰ মূল উদ্দেশ্য ।

অসমতো ঈদ-উল-জুহা উপলক্ষে ইছলাম ধৰ্মাৱলম্বীলোকৰ মাজত ব্যাপক উচ্চাহ-উদ্দীপনা পৰিলক্ষিত হৈছে ৷ প্ৰেম–ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা। সমূহীয়া নামাজৰ বাবে সজাই পৰাই তোলা হৈছে ঈদগাহসমূহ। নামাজৰ বাবে পুৱাই ঈদগাহসমূহত সমবেত হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল।

লগতে পঢ়ক : Eid-ul-Fitr 2024 : আজি পবিত্ৰ-ঈদ-উল-ফিটৰ;প্ৰেম–ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা