Local, Vocal, Global

ইডিটৰচ গিল্ডৰ অসমৰ মুখ্য মন্ত্ৰীলৈ পত্ৰ

 

অসমত সাংবাদিকৰ ওপৰত বৃদ্ধি পোৱা আক্ৰমণক কেন্দ্ৰ কৰি The Editors Guild of India (EGI) এ ৰাজ্যখনৰ মুখ্য মন্ত্ৰীল সৰ্বানন্গ সোণোৱাললৈ এক পত্ৰ প্ৰেৰণ কৰে।

‘অসমৰ সাংবাদিক সকলে শেহতীয়াভাৱে গণ আক্ৰমণ, ভাবুকিৰ সন্মুখিন হৈছে। যি ঘটনাই মুক্তভাৱে সংবাদ সেৱা আগবঢ়োৱাত প্ৰতিবন্ধকতা হিচাপে থিয় দিছে”-বুলি The Editors Guild of India (EGI) এ পত্ৰখনত উল্লেখ কৰে।ইয়াৰ উপৰিও সাংবাদিক সকলৰ যাতে সুৰক্ষা সুনিশ্চিত কৰা হয় আৰু বাতৰি পৰিৱেশনত যাতে কোনো ধৰণৰ সমস্য সন্মুখীন নহয় সেৱা নিশ্চিত কৰিবলৈও পত্ৰখনত উল্লেখ কৰে।শেহতীয়াকৈ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যু আৰু মিলন মহন্তক খুঁটাত বান্ধি প্ৰহাৰ কৰা প্ৰসংগ উল্লেখ কৰে পত্ৰ খনত।।