চীনৰ চিচুয়ান প্ৰদেশত ৬.৮ প্ৰাবল্যৰ ভূমিকম্প। নিহত প্ৰায় ৭ জন
নিউজ ডেস্ক, ৫ ছেপ্তেম্বৰ : সোমবাৰে চীনৰ চিচুয়ান ( Sichuan) প্ৰদেশত হোৱা ৬.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত কমেও ৭ জন লোকৰ মৃত্যু হৈছে।
চীন ভূমিকম্প নেটৱৰ্ক কেন্দ্ৰই ( China Earthquake Networks Centre) কৈছে যে স্থানীয় সময় অনুসৰি দুপৰীয়া ১২:২৫ বজাত সংঘটিত ভূমিকম্পৰ কেন্দ্ৰস্থল ২৯.৫৯ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ১০২.০৮ ডিগ্ৰী পূব দ্ৰাঘিমাংশত ১৬ কিলোমিটাৰ গভীৰতাত আছিল।
কেন্দ্ৰস্থলৰ পৰা ২২৬ কিলোমিটাৰ দূৰত থকা চিচুয়ানৰ ৰাজধানী চেংডুতো এই কম্পন অনুভৱ কৰিছিল। চীনা সামাজিক মাধ্যমত পোষ্ট কৰা ফটো আৰু ভিডিঅ’বোৰত চেংডুত অট্টালিকাবোৰ কঁপি থকা দেখা গৈছিল।
এই ভূমিকম্পক চিচুয়ানত ২০১৩ চনৰ পৰা আটাইতকৈ শক্তিশালী বুলি গণ্য কৰা হয়, কিয়নো প্ৰাদেশিক ৰাজধানী চেংডু আৰু জিয়ান আৰু চাংছাই কঁপনি অনুভৱ কৰিছিল।
চিচুয়ান প্ৰদেশ তিব্বতৰ কাষত অৱস্থিত। তিব্বতীয় মালভূমিত প্ৰচণ্ড ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে বুলি জনা যায় কিয়নো ই টেকটনিক ইউৰেচিয়ান আৰু ভাৰতীয় প্লেটমিলিত হোৱা ঠাইখনৰ ঠিক ওপৰত অৱস্থিত আৰু, প্ৰায়ে বৃহৎ শক্তিৰ সৈতে সংঘৰ্ষ হয়।