Durga puja : ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীতো দুৰ্গা পূজাৰ উছাহ৷

নলবাৰী,১০অক্টোবৰ : আজি মহাসপ্তমী ।’শক্তিপীঠ, দেৱীপীঠ আৰু দেৱালয়ত সম্পন্ন হ’ব বিভিন্ন প্ৰকাৰৰ বলি’।ৰাজ্য়জুৰি শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ, মহানগৰীৰ পূজাৰ মণ্ডপে মণ্ডপে দেৱীৰ আশিস বিচাৰি ভক্তৰ ভিৰ(Mahasaptami 2024)।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালৈক নলবাৰীটো দেখা গৈছে উখল মাখল পৰিৱেশ ।পুৱাৰে পৰা নলবাৰীৰ পূজা স্থলি সমূহত দেখা গৈছে অগণন ভক্তৰ সমাগম। বতৰে বিধি পথালি দিলেও উৎসাহ কমা নাই ভক্তৰ। নলবাৰীৰ ১১০ সংখ্যক ককয়া বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজাত পুৱাৰে পৰা ভক্ত সকলে হাতে হাতে ধূপ চাকি নৈবদ্য আগবঢ়াই মা দুৰ্গাৰ আসিশ গ্ৰহণ কৰা দেখা গৈছে । এটি পৰিয়ালে প্ৰথমে আৰম্ভ কৰা এই পূজা অগণন ভক্তৰ সমাগম বৃদ্ধি পোৱাত ৰাইজে চলাবলৈ লৈছিল আৰু এতিয়া ১১০ বছৰ পূৰ্ণ কৰিলে ককয়া বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজাই(Durga puja)।
লগতে পঢ়ক :Road Accident In Jorhat : যোৰহাটৰ অজন্তা বাইবাছত ভয়ংকৰ পথ দুৰ্ঘটনা