Local, Vocal, Global

গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা

নিউজ ডেক্স,২১ জুলাই : মহানগৰীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা।গুৱাহাটীৰ তাজ ভিভান্টাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিলে ডুৰাণ্ড কাপ ট্ৰফী।

এই প্ৰতিযোগিতাখনত এইবাৰ শীৰ্ষ বিভাগৰ ইণ্ডিয়ান ছুপাৰ লীগৰ ১১ টা দলকে ধৰি দেশৰ ২০ টা শীৰ্ষ দলে অংশগ্ৰহণ কৰিব। এইবাৰ ১৩১ সংখ্যক ডুৰাণ্ড কাপত মুঠ ৪৭ খন খেল অনুষ্ঠিত হ’ব

১৭ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰলৈকে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলসমূহ।

উন্মোচনী অনুষ্ঠানত মুখ্য সচিব জিষ্ণু বৰুৱা, লেফটেনেণ্ট জেনেৰেল কে কে ৰেপছৱাল, ডুৰাণ্ড আয়োজক সমিতিৰ অধ্যক্ষ লেফটেনেণ্ট জেনেৰেল কে চি পঞ্চনাথনকে ধৰি সেনাৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

বৃহস্পতিবাৰে তাজ ভিভান্টাত ডুৰাণ্ড কাপ ট্ৰফী মুকলি কৰি মুখ্যমন্ত্ৰীয়ে সকলোকে ফুটবল খেল উপভোগ কৰিবলৈ আহ্বান জনাই কয় যে – গুৱাহাটীত আমি বহু দিন পিছত ভাল ফুটবল খেল চাবলৈ পাম। ফুটবল ভাল পোৱা সকলোৱে খেল চাব বুলি আশা কৰিম।
অসম তথা গুৱাহাটীবাসীক খেল চাবলৈ সকলোধৰণৰ সুবিধা কৰি দিয়াৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। ৰাজ্য চৰকাৰে সকলোধৰণৰ সহায় কৰিবলৈ প্ৰস্তুত বুলিও কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।