Local, Vocal, Global

Watch | Dumdumia eviction: ডুমডুমীয়াত নিজে নিজেই আতৰি গৈছে একাংশ অবৈধ বেদখলকাৰী

ধিঙ: জুৰীয়াৰ আলিটাঙনি মৌজাৰ বলিকটিয়া কিচামতৰ ২৮৫ নং চৰকাৰী ভূমিত একাংশ বেদখলকাৰীয়ে দীর্ঘ দিন ধৰি অবৈধভাৱে খেতিবাতি কৰাৰ লগতে ঘৰ দুৱাৰ সাজি স্থায়ী ভাবে বসবাস কৰি আছিল।

যোৱা ৫ জুলাই তাৰিখে এই বেদখলকাৰী সকলক সাঁতদিনৰ ভিতৰত চৰকাৰী ভূমি খালি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল প্ৰশাসনে।

চৰকাৰী জাননী পোৱাৰ পিছতেই একাংশ বেদখলকাৰীয়ে স্বেচ্ছাই নিজ নিজ ঘৰ দুৱাৰ ভাঙি অন্য ঠাইলৈ যোৱা আৰম্ভ কৰিছে।

উল্লেখ্যযে চৰকাৰী ভূমিত থাকি মদ, জুৱা, ড্ৰাগছৰ ব্যৱসায় কৰা একাংশ অবৈধ বেদখল কাৰিৰ বিৰুদ্ধে ৰাইজে কঠোৰ ব্যৱস্থা গ্ৰহনৰো দাবী জনোৱাৰ লগতে নিৰিহ তথা দৰিদ্ৰ লোক সকলৰ পুনৰ সংস্থাপনৰ দাবী জনাইছে ।

লগকে পঢ়ক : Watch | Karigorah protest : কাছাৰৰ কালাইনত ভাৰত বন্ধত উত্তাল প্ৰতিবাদ