Local, Vocal, Global

আশা কৰ্মীৰ দেহত কৰ’না

এগৰাকী আশা কৰ্মীৰ দেহত কৰ’না পজিটিভ পোৱাৰ পাছতেই শংকিত হৈ পৰিছে ডুমডুমাৰ চাৰি শতাধিক আশা কৰ্মী । ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ’না ভাইৰাচৰ সংক্ৰমণ । মঙলবাৰে ডুমডুমা FRU ৰ অধীনৰ কাকজান পিঠাগুটিৰ অমিয় কাকতি নামৰ এগৰাকী আশাকৰ্মীৰ দেহত কৰ’না পজিটিভ পোৱাৰ পাছতেই ডুমডুমা FRU ৰ অধীনত কৰ্মৰত প্ৰায় চাৰি শতাধিক আশাকৰ্মী সংশয়ত ভূগিবলগীয়া হৈছে । কৰ’না পজিটিভ পোৱা আশা কৰ্মী গৰাকীৰ সংস্পৰ্শলৈ অহা অন্য কোনো এগৰাকীও আশা কৰ্মীৰ স্বাৱ সংগ্ৰহ নকৰাৰ অভিযোগ কৰিছে ৷ কৰ’না মহামাৰীৰ সময়ত নিজৰ জীৱনকো তুচ্চ কৰি ৰাইজক সেৱা আগবঢ়াই থকা এই সকল আশা কৰ্মীয়ে  অভিযোগ কৰিছে, চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা এইসকল আশা কৰ্মীক প্ৰয়োজনীয় গ্লৱছ্, চেনিটাইজাৰ আদি যোগান নিদিয়াৰ। কৰ’না পজিটিভ পোৱা আশা কৰ্মী গৰাকীৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী আশা কৰ্মীৰ স্বাব টেষ্ট কৰাৰ লগতে প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰিবলৈ দাবী জনাইছে এইসকল আশা কৰ্মীয়ে ।