Assam | Dumdooma news: ধিঙত কেন্দ্রীয় ভাৱে উলহ-মালহেৰে ৭৯ স্বাধীনতা দিৱস উদযাপন

ধিঙ : সমগ্র দেশৰ লগতে নগাঁও জিলাৰ ধিং ৰাজহ চক্র প্ৰাংগণত কেন্দ্ৰীয় ভাৱে উলহ মালহেৰে ৭৯ তম স্বাধীনতা দিৱস উদযাপন কৰা হয় ।কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাত দেশ-প্রেম মূলক গীতেৰে প্ৰভাত ফেৰী, ৭ বজাত নাগৰিক সকলৰ ঘৰে ঘৰে ৰাষ্ট্রীয় পতাকা উত্তোলন, ৭-৩০ বজাত চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠান সমূহত ৰাষ্ট্রীয় পতাকা উত্তোলন, পুৱা ৮ বজাৰ পৰা চিত্রাংকন প্ৰতিযোগিতা, ৮-৩০ বজাত ধিং চাৰিআলিৰ স্হিত গান্ধী আৱক্ষ মূৰ্ত্তিত মাৰ্ল্যাপন ও শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে ধিং ৰাজহ চক্রৰ চক্র বিষয়া সৌৰভ কুমাৰ দাসে ।
লগতে ধিঙৰ বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা মাৰ্ল্যাপন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন,৯ বজাত ধিং ৰাজহ চক্রৰ চক্র বিষয়া কাৰ্যালয় প্ৰাংগণত কেন্দ্ৰীয় ভাৱে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে ধিং ৰাজহ চক্রৰ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসে আৰু উত্তোলকৰ ৰাইজক উদ্দেশ্যি অভিভাষন প্ৰদান কৰে ।
পতাকা উত্তোলনৰ লগে লগে ধিং শংকৰ দেৱ বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্রীৰ দ্বাৰা ৰাষ্ট্রীয় সংগীত পৰিৱেশন আৰু ধিং মহাবিদ্যালয়, ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, আৰু ধিং খ্ৰীষ্ট জ্যোতি স্কুলৰ ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ দ্বাৰা জনোৱা অভিবাদন গ্রহণ, ৯-৩০ বজাত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ধিঙৰ বিভিন্ন বিদ্যালয়ৰ সমূহৰ ছাত্ৰ-ছাত্রী সকলে,অনুষ্ঠানৰ শেষত প্ৰতিটো অনুষ্ঠানকে ট্ৰফী আৰু মান পত্ৰ প্ৰদান কৰা হয় আৰু চিত্রাংকন প্ৰতিযোগিতা বিজয়ী সকলক ট্ৰফী আৰু মান পত্ৰ প্ৰদান কৰে, সন্ধিয়া ৫-৩০ বজাত ৰাষ্ট্রীয় পতাকা অৱনমন আৰু ধিং চাৰিআলি গান্ধী আৱক্ষ মূৰ্ত্তিত চৌহদত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান সামৰণি পৰিব ।
লগতে পঢ়ক: Watch | Dumdooma news: ডুমডুমাত স্বাধীনতা দিৱস পালন