‘Dry Day’ Declared in Darrang District of Lok Sabha Elections : দ্বিতীয় পর্যায়ত লোকসভা নির্বাচন বাবে দৰঙত ড্রাই ডে’ ঘোষণা
নিউজ ,ডেস্ক, ১৭ এপ্ৰিল : দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত মঙলদৈ, ছিপাঝাৰ আৰু দলগাওঁ বিধানসভা সমষ্টিৰ অধীনৰ এলেকাসমূহত ড্রাই ডে’ ঘোষণা ।
২৪এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈকে দৰং জিলা প্ৰশাসনে ঘোষণা কৰিছে ড্রাই ডে'(‘Dry Day’ Declared in Darrang District of Lok Sabha Elections)।
উল্লেখ্য যে, ২৬ এপ্রিলত অনুষ্ঠিত হ’ব দ্বিতীয় পর্যায়ত লোকসভা নির্বাচন । দ্বিতীয় পর্যায়ত লোকসভা সমষ্টিসমূহৰ ভিতৰত দৰং-ওদালগুৰি লোকসভা সমষ্টিও আছে। সেয়ে দৰং জিলা প্ৰশাসনে ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈকে জিলাখনত ড্ৰাই ডে’ ঘোষণা কৰিছে।
৪ জুনৰ ভোট গণনাৰ দিনটোতো ভোট গণনা শেষ নোহোৱা পর্যন্ত এই অঞ্চলসমূহত ড্রাই ডে’ বাহাল থাকিব। যদিহে সমষ্টিটোৰ অন্তৰ্গত দৰং জিলাৰ কোনো অঞ্চলত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলগীয়া হয় তেতিয়াও ভোটগ্রহণ শেষ হোৱাৰ আগৰ ৪৮ ঘণ্টাত ড্রাই ডে’ প্রযোজ্য হ’ব(‘Dry Day’ Declared in Darrang District of Lok Sabha Elections)।
জানিব পৰা মতে, ড্রাই ডে’ ঘোষিত সমষ্টি কেইটাৰ অন্তৰ্গত অঞ্চলসমূহত সুৰা আৰু আন নিচাজাতীয় দ্রব্যৰ বিক্রী,ব্যৱহাৰ,মজুতকৰণ, সৰবৰাহ আৰু বিতৰণ আদিত জিলা প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা উলংঘা কৰিলে আবকাৰী আইন অনুসৰি ব্যবস্থা গ্ৰহণ কৰা হ’ব।
লগতে পঢ়ক :Teacher goes missing from Shillong : শ্বিলঙত সন্ধানহীন হাবাঙৰ এজন শিক্ষক