Local, Vocal, Global

Teacher goes missing from Shillong : শ্বিলঙত সন্ধানহীন হাবাঙৰ এজন শিক্ষক

নিউজ ডেস্ক,১৭ এপ্ৰিল : শ্বিলঙত সন্ধানহীন হাবাঙৰ এজন শিক্ষক ।

জানিব পৰা মতে,শ্বিলঙত সন্ধানহীন হৈ পৰে পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৱৰ্তী হাবাঙৰ এজন শিক্ষক । সোমবাৰে পুৱা হাবাঙৰ নিজ ঘৰৰ পৰা এক মাংগলিক অনুষ্ঠানৰ বাবে বজাৰ কৰিবলৈ শ্বিলঙলৈ গৈছিল শিক্ষকজন । তাৰ পিছতে মোবাইল ফোন চুইটছ অফ হৈ পৰে শিক্ষকজনৰ । ফোনত নাপাই পৰিয়াৰ লোকৰ মাজত হাহাকাৰময় পৰিস্থিতৰ সৃষ্টি হয় (Teacher goes missing from Shillong)।

সন্ধানহীন শিক্ষকগৰাকী পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৱৰ্তী হাবাঙৰ সঞ্জয় শৰ্মা বুলি জানিব পৰা গৈছে । সন্ধানহীন শিক্ষকগৰাকী হাবাঙৰ জাগৃতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আছিল ।আগন্তুক নিৰ্বাচনৰ বাবে প্ৰথম পৰ্যায়ৰ প’লিং বিষয়াৰ দায়িত্বত নিয়োজিত আছিল শিক্ষকজন ।

ইতিমধ্যে পৰিয়ালৰ লোকে শ্বিলং আৰক্ষীক ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক : Police Foil Attempted Kidnapping : এইবাৰ কিশোৰী অপহৰণৰ চেষ্টা কৰি চানমাৰি আৰক্ষীৰ জালত ই-ৰিক্সা চালক