এইবাৰ সেনাৰ গাড়ীত উদ্ধাৰ হৈছে ড্ৰাগছ ! বিলাসী বাহনত ভাৰতীয় সেনাৰ লগ’ ব্যৱহাৰ কৰি ছাইৰেন বজাই আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহকাৰী By MyNewsNE Desk On Jun 3, 2021 Last updated Jun 3, 2021 Share নাৰায়ণ কলিতা নামৰ এজন লোক হাজো আৰক্ষীৰ জালত পৰিল।ৰাজ্যত এতিয়া তীব্ৰতৰ হৈছে ড্ৰাগছবিৰোধী অভিযান।এইবাৰ সেনাৰ গাড়ীত উদ্ধাৰ হৈছে ড্ৰাগছ! আচলতে, বিলাসী বাহনত ভাৰতীয় সেনাৰ লগ’ ব্যৱহাৰ কৰি ছাইৰেন বজাই আৰক্ষীৰ চকুত ধূলি দি এতিয়া ড্ৰাগছ লৈ ঘূৰি ফুৰিছে ড্ৰাগছ সৰবৰাহকাৰী।ভাৰতীয় সেনাৰ বাবে কোভিড ভেকচিন কঢ়িয়াই নিয়াৰ চলেৰে ড্ৰাগছ সৰবৰাহ কৰিছিল নাৰায়ণ কলিতা। হাজো আৰক্ষীৰ নিয়মীয়া চেকিঙত বুধবাৰে সন্ধিয়া নাৰায়ণ কলিতা আৰক্ষীৰ জালত পৰাৰ পিছতেই পোহৰলৈ আহিল বহু তথ্য।বশিষ্টৰ নালাপাৰত নাৰায়ণৰ ভাড়াঘৰত হাজো আৰক্ষীয়ে চলালে অভিযান।এই অভিযান কালত জব্দ হ’ল বৃহৎ পৰিমাণৰ নিচা যুক্ত টেবলেট। লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হ’ল হস্তনিৰ্মিত পিষ্টল, সেনাৰ পোছাক আৰু আন এখন ভাৰতীয় সেনাৰ লগ’ সম্বলিত চাৰিচকীয়া বাহন।হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল মেধিৰ নেতৃত্বত চলা অভিযানত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য।কিদৰে কৌশল সলনি কৰি ড্ৰাগছৰ সাম্ৰাজ্য গঢ়িছে একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে।ৰাজ্যত এতিয়া এনেকৈয়ে চাইৰেন বজাই সেনাৰ লগ’ লগাই ঘূৰি ফুৰিছে ড্ৰাগছ সৰবৰাহকাৰী। Share FacebookTwitterReddItWhatsAppPinterestEmail