Local, Vocal, Global

বোকাজানত ৩ কোটি টকাৰ ড্ৰাগছ জব্দ

নিউজ ডেস্ক, ৪ এপ্ৰিলঃ বোকাজানৰ খটখটী আৰক্ষীৰ বৃহৎ সাফল্য। বোকাজানত পুনৰ ৩ কোটিৰো অধিক টকাৰ ড্ৰাগছ জব্দ।

খটখটি আৰক্ষী জালত ৩ ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ৩ তিনিখনকৈ গাড়ী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।খটখটিৰ বৰলেঙৰীত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছখিনি।

কুখ্যাত ড্ৰাগছ মাফিয়া বাবা হাজৰিকাৰ লগতে ড্ৰাগছৰ ব্যৱসায় চলাই আছিল এল এইচ ৰাণীৰৌ নামৰ মণিপুৰৰ এগৰাকী মহিলাই।

আৰক্ষীয়ে অভিযান চলাই ৭৯৫ গ্ৰাম ড্ৰাগছৰ লগতে জব্দ কৰে নগদ ৩ লাখ ৫৮ হাজাৰ টকা আৰু বহু নথি পত্ৰ।৬০টা চাবোনৰ বাকচত আনিছিল এই ড্ৰাগছখিনি।

ঘটনাৰ সৈতে জড়িত এখন স্কৰপীঅ, এখন মাৰুটি এছ ক্ৰছ আৰু এখন অট’ জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহকাৰী মূল নায়িকা এল এইচ ৰাণীৰৌৰ লগতে আৰ এন চাৰেণ্ডাৰ আৰু ফক’ মাওক আটক কৰে আৰক্ষীয়ে।