Local, Vocal, Global

চেভ ভৰলু অভিযান

নিউজ ডেস্ক, ৪ এপ্ৰিল : মৃতপ্ৰায় ভৰলু-বাহিনীৰ পুনৰুজ্জীৱিত কৰণৰ উদ্দেশ্যে আত্ম প্ৰকাশ কৰা ‘চেভ ভৰলু অভিযানে’ বিভিন্ন জনসচেতনতা কাৰ্যসূচীৰে ইতিমধ্যে মহানগৰবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আজি এই অভিযান গোটে ৰাধাগোবিন্দ বৰুৱা পথত আয়োজন কৰা ‘ভৰলু পদযাত্ৰা’ বা ‘ৱাক ফৰ ভৰলু’ কাৰ্যসূচীৰে জনসচেতনতা বৃদ্ধিৰ দিশত আৰু এক দৃঢ় খোজ দিবলৈ সক্ষম হোৱা বুলি কব পাৰি।
চিৰিয়াখানা পথ জ্যেষ্ঠ নাগৰিক সন্থা, সনাতন ধৰ্ম সভা আৰু বৃহত্তৰ অম্বিকাগিৰি নগৰ উন্নয়ন সমিতিৰ সক্ৰিয় সহযোগত চেভ ভৰলুৰ সদস্য-সদ্স্যাসকলে ৰাধা গোবিন্দ বৰুৱা পথত এক ‘ভৰলু পদযাত্ৰা বা ৱাক ফৰ ভ ৰলু’ কাৰ্যসূচী ৰূপায়ণ কৰে।
চেভ ভৰলু অভিযানৰ সভাপতি ডাঃ ৰবীন্দ্ৰ নাথ মজুমদাৰ আৰু চিৰিয়াখানা পথ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি ইন্দ্ৰজিত্‍ দত্তই পতাকা জোকাৰি শুভাৰম্ভ কৰা পদযাত্ৰাত স্থানীয় মহিলা, ভাৰতীয় চিকিত্‍সা সংস্থাৰ দিছপুৰ শাখা, অসম শল্য চিকিত্‍সক নাগৰিক সংস্থা আৰু ভাৰতীয় শল্য চিকিত্‍সক সংস্থা, গুৱাহাটী ইলাইট ৰ’টাৰী ক্লাব, দঃ গুৱাহাটী ৰ’টাৰী ক্লাব, গুৱাহাটী লুইত ৰ’টাৰী ক্লাব, পশ্চিম গুৱাহাটী ৰ’টাৰী ক্লাবৰ সদস্য-সদস্যাৰ লগতে ভালে সংখ্যক স্থানীয় নাগৰিকে অংশগ্ৰহণ কৰে।