Drugs burned in Karimganj : ড্ৰাগছ বিৰোধী দিৱসত কৰিমগঞ্জত বুজন পৰিমানৰ ড্ৰাগছ জ্বলাই দিয়ে আৰক্ষীয়ে

কৰিমগঞ্জ, ২৬ জুন : কৰিমগঞ্জত পুনৰ বুজন পৰিমানৰ ড্ৰাগছ ধংস কাৰ্য্যসূচি পালিত হ’ল (Drugs burned in Karimganj) । এইবাৰ ২২৫ কোটি টকাৰো অধিক ড্ৰাগছ জ্বলাই দিয়ে কৰিমগঞ্জ আৰক্ষীয়ে(Drugs burned in Karimganj) |
২৫ কেজি ৭৭১ গ্ৰাম হিৰইন, ইয়াৰ বজাৰ মূল্য প্ৰায় ৫২ কোটি টকা | লগতে ইয়াবা টেবলেট আছিল প্ৰায় ১২ লক্ষ ইয়াৰ বজাৰ মূল্য প্ৰায় ৬০ কোটি টকা, গাঞ্জাৰ পৰিমান প্ৰায় ২২ হেজাৰ কেজি , যাৰ বজাৰ মূল্য ১০৯ কোটি টকাৰ অধিক | আনহাতে ৪৩ হাজাৰৰ উপৰত নিচাজাতীয় কফ চিৰাপ আছিল, যাৰ বজাৰ মূল্য প্ৰায় ৩ কোটি টকা |
জিলাখনত বিভিন্ন সময়ত অভিযানত জব্দ হোৱা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্রীখিনি আজি আন্তৰ্জাতিক মাদক নিবাৰন দিৱসত জ্বলাই দিলে কৰিমগঞ্জ আৰক্ষীয়ে | কৰিমগঞ্জৰ জুনিটিলাত থকা আৰক্ষী ছাউনীৰ উন্মুক্ত ঠাইত জ্বলাই দিয়া হয় এই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসমূহ ।
কৰিমগঞ্জৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, বিএছএফৰ আধিকাৰিক আৰু ড্ৰাগছ ডিস্প’ছেল কমিটীৰ সদস্যৰ উপস্থিতিত এই সামগ্ৰীসমূহ জ্বলাই দিয়া হয় ৷
উল্লেখ্য যে যোৱা কেইটা মাহৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীয়ে চলাই আছে অভিযান ৷ কৰিমগঞ্জ আৰক্ষীয়েও বিভিন্ন সময়ত জিলাৰ বিভিন্ন ঠাইত অভিযান চলাই বুজন পৰিমানৰ ড্ৰাগছ, গাঞ্জা, কফচিৰাফ আদি জব্দ কৰিছিল | জব্দকৃত ড্ৰাগছখিনি বিনষ্ট কৰাৰ বাবে কিছুদিন ধৰি আৰক্ষীয়ে কৰিমগঞ্জৰ মুখ্য ন্যায় দণ্ডাধীশৰ আদালতত যোগাযোগ অব্যাহত ৰাখিছিল |
পিছে শণিবাৰে কৰিমগঞ্জৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, আৰু ড্ৰাগছ ডিস্প’ছেল কমিটীৰ সদস্যৰ উপস্থিতিত উক্ত সামগ্ৰীসমূহ জ্বলাই দিয়া হয় ৷ বিগত দিনত কৰিমগঞ্জ জিলাৰ বিভিন্ন আৰক্ষী চকীত ৰুজু হোৱা ১১২টা গোচৰৰ প্ৰায় ২২৫ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জ্বলাই দিয়া হয় | উল্লেখ্য, যোৱা ২০২২ চনৰ জুলাই মাহত প্ৰায় ৬০ কোটি টকাৰ নিচাজাতিয় সামগ্ৰী আৰু ২০২১ চনৰ ডিচেম্বৰ মাহত প্ৰায় ৪৩ কোটি টকাৰ নিচাজাতিয় সামগ্ৰী জ্বলাই দিছিল কৰিমগঞ্জ আৰক্ষীয়ে |
উল্লেখ্য যে, চলিত মাহৰ ২৩ জুন তাৰিখ শুকুৰবাৰে অসম আৰক্ষীয়ে কৰিমগঞ্জ জিলাত কেইবা কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰাৰ লগতে ৫ জন লোকক আটক কৰিছিল (Heroin Seized In Karimganj) । আৰক্ষীৰ দলটোৱে দুখন বাহনৰ পৰা ৩.২০ কেজি হেৰ’ইন থকা ২৫০টা চাবোনৰ বাকচ উদ্ধাৰ কৰে (Assam Police)। লগতে মিজোৰামৰ পৰা অহা AS-01BW-8277 নম্বৰৰ ৰেন’ ডাষ্টাৰ আৰু AS-10F-1205 নম্বৰৰ মাৰুতি আল্ট’ নামৰ দুখন বাহন আৰক্ষীয়ে জব্দ কৰিছিল ।
জব্দকৃত বাহন কেইখনত তালাচীৰ সময়ত দুটা গোপন চেম্বাৰৰ পৰা ৩.২০ কেজি হেৰ’ইন থকা ২৫০টা চাবোনৰ বাকচ উদ্ধাৰ কৰে । আনহাতে জব্দকৃত হে’ৰইনখিনিৰ মূল্য প্ৰায় আনুমানিক ২৫ কোটি টকা ।
লগতে পঢ়ক : International day of drug abuse : ড্ৰাগছ মুক্ত হওক সমাজ