Local, Vocal, Global

বিধানসভাত মুল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য

ডিজিটেল ডেস্ক:- বিধানসভাত মুল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্যত গৰজি উঠিল ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগম। সভানেত্ৰী বেবী বেগমে উল্লেখ কৰা মতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নাজানে কি কি বস্তুৰ মূল্যবৃদ্ধি হল আৰু হ্ৰাস পালে, কাৰণ তেওঁ এজন মন্ত্ৰী হয় তেখেতে কেতিয়াও বজাৰ নকৰে ঘৰতে সকলো বস্তু ফ্ৰীতে উপলব্ধ হয়।

ইয়াৰ উপৰিও বেবী বেগমে সংবাদমেলৰ জৰিয়তে কয় যে অসমত মূল্যবৃদ্ধিৰ ফলত সাধাৰণ ৰাইজ জুৰুলা হৈ পৰিছে। বিজেপি চৰকাৰ ধনীৰ চৰকাৰ ধনী মানুহক ধনী বনাব আৰু দুখীয়া মানুহক দুখীয়া বনাব।

অৱশ্যে ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমে লগতে কয় যে অনাগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰ আৰু কেতিয়াও আহিব নোৱাৰে। এ আই ইউ ডি এফ দলৰ সাংসদ মৌলানা বদৰউদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে। বিজেপি চৰকাৰৰ দিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত তীব্ৰ ধিক্কাৰ জনায় বেবী বেগমে।