WATCH | Drugs peddler arrested along with drugs : চতিয়াত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী
চতিয়া,২০মে’ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।
পুনৰ চতিয়াত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী ৷ চতিয়াৰ পটিয়া গাঁৱৰ পৰা আটক দুই সৰবৰাহকাৰীক ৷ ধৃত সৰবৰাহকাৰী দুটাৰ নাম ইক্ৰামূল হুছেইন আৰু জমিৰ আলি বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে জব্দ কৰে ৪৫ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ ৷
জানিব পৰা মতে, দুই সৰবৰাহকাৰীয়ে শোণিতপুৰৰ খনামুখৰ পৰা কঢ়িয়াই আনিছিল ড্ৰাগছখিনি ৷
লগতে পঢ়ক : WATCH | Artificial Flood in Guwahati : নিশাৰ পৰা অহা এজাক বৰষুণতে মহানগৰীত কৃত্ৰিম বান