Local, Vocal, Global

Drugs peddler arrested along with drugs: মানকাচৰত বৃহৎ পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰসহ আটক সৰবৰাহকাৰী

হাটশিঙিমাৰী,২৫নৱেম্বৰ: ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।

দেওবাৰে নিশা মানকাচৰৰ কালাপানী আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰ।
গোপন সূত্ৰৰ‌ পম খেদি আৰক্ষীয়ে ২৫ টা কন্টেইনাৰত ৫৪:০৯ গ্ৰাম ব্ৰাউন চুগাৰসহ আহত কৰে দুই সৰবৰাহকাৰীক।

আৰক্ষী পৰিদৰ্শক জে এচ খুবং, কালাপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিৰেন বুংৰং, বিকাশ শইকীয়াৰ নেতৃত্বত মানকাচৰৰ পিপুলবাৰীৰ চতুৰ্থ খণ্ডত অভিযান চলাই জব্দ কৰে নিচাজাতীয় সামগ্ৰীখিনি।

আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰসবাহকাৰী দুজন পিপুলবাৰীৰ আব্দুল বাৰেক (৩০) আৰু ৰজব আলী (৪৫) বুলি চিনাক্ত ।

বৰ্তমান আটকাধীন সৰবৰাহকাৰী দুজনক কালাপানী আৰক্ষী চকীত আনি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :Jamugurihat News:ৰঙাপৰাৰ ঘইৰালি চাহ বাগিচাত বিশাল কলহ যাত্ৰাৰ আয়োজন