Local, Vocal, Global

Drugs peddler arrested along with drugs: কাছাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

নিউজ ডেস্ক,২৯ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কাছাৰত ড্ৰাগছ বিৰোধী অভিযান। অভিযানত কাছাৰ আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে। মেঘালয় সীমান্তৱৰ্তী দিগৰখাল টোলগেটত আটক কৰা হয় সৰবৰাহকাৰী দুজনক। গোপন তথ্যৰ ভিত্তিত AS01AM- 0131 নম্বৰৰ‌ চাৰি চকীয়া বাহনখনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে সাতটা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ।‌

জব্দকৃত বাকচ কেইটাৰ পৰা ৬৯ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰে। জব্দ কৰা হেৰ’ইনৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩৫ লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।‌

নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন ব্যক্তিক আটক কৰিছে। ধৃত লোক দুজন কাছাৰ জিলাৰ লক্ষীপুৰ চিংগিৰবন্দৰ ৰাছুল হুছেইন লস্কৰ আৰু বাচকান্দি তৃতীয় খণ্ডৰ ৰেবুল হুছেইন বৰভূঞা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :Road Accident in Barpeta: দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন,আহত ৩জন