Local, Vocal, Global

Drugs peddler arrested along with drug : সৰুপথাৰত চাৰি কোটিৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,২৩জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী (Drugs peddler arrested along with drugs)।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ সৰুপথাৰত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । সোমবাৰে সৰুপথাৰ অঞ্চলৰ নাওজান চি.ডি.এইছ তিনিআলিত ড্ৰাগছসহ তিনি যুৱকক আটক কৰে আৰক্ষীয়ে ।

ঘটনা বিৱৰণি অনুসৰি, এক গোপন খবৰৰ তথ্য ভিত্তিত গোলাঘাট জিলাৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰু ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া দ্বিপেন পাটিৰৰ সহযোগত চলোৱা হয় এক অভিযান ৷ অভিযানত আৰক্ষীৰ এটা দলৱে ড্ৰাগছসহ আটক কৰে তিনি সৰবৰাহকাৰীক । আটকাধীন সৰবৰাহকাৰী কেইজন ক্ৰমে মেৰাপানী অঞ্চলৰ নগেন বৰা আৰু তিনিচুকীয়াৰ ৰাজকুমাৰ ছেত্ৰী আৰু দেৱৰাজ ছেত্ৰী বুলি জানিব পৰা গৈছে ।

ধৃত তিনি যুৱকৰ পৰা আৰক্ষীয়ে মুঠ ৬০ টা চাবোনৰ বাকচত অনা ৭১১ গ্ৰাম হেৰইন জব্দ কৰে । জব্দকৃত হেৰইনখিনিৰ আনুমানিক মূল্য প্ৰায় তিনিৰ পৰা চাৰি কোটি টকা । জব্দকৃত বাহনখনৰ ফুট ষ্টেপৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ কৰা হয় এই ড্ৰাগছখিনি । জানিব পৰা মতে, AS23N 7587 নম্বৰৰ এখন চাৰিচকীয়া বাহনত মণিপুৰৰ আনি আছিল ড্ৰাগছখিনি ।

লগতে পঢ়ক : Snake spotted in Titabor police station : আৰক্ষী থানাত ভিতৰত সাপ;লক-আপৰ ভিতৰতে সাপে মেৰিয়াই ধৰিলে এজন অভিযুক্তক