Local, Vocal, Global

Snake spotted in Titabor police station : আৰক্ষী থানাত ভিতৰত সাপ;লক-আপৰ ভিতৰতে সাপে মেৰিয়াই ধৰিলে এজন অভিযুক্তক

নিউজ ডেস্ক,২৩জুলাই : যোৰহাটৰ তিতাবৰ আৰক্ষী থানাত আজৱ কাণ্ড। এইবাৰ থানাৰ ভিতৰত সাপৰ আতংক। তিতাবৰ আৰক্ষী থানাৰ ভিতৰত সাপে সৃষ্টি কৰিলে তাণ্ডৱ ।

তিতাবৰ আৰক্ষী থানাৰ লক-আপৰ ভিতৰতে সাপে মেৰিয়াই ধৰিলে এজন অভিযুক্তক(Snake spotted in Titabor police station)।

জানিব পৰা মতে, ড্ৰাগছ সৰবৰাহৰ অভিযোগত অভিযুক্ত ৰাজু ৰহিদাস নামৰ লোকজনক লক-আপৰ ভিতৰত ৰাখিছিল । সেই সময়তে লক-আপৰ ভিতৰতে মেৰিয়াই ধৰে সাপে। সাপ দেখি সম্বিত হেৰুৱাই পেলোৱা অভিযুক্তগৰাকীক লগে লগেই লৈ যোৱা হয় চিকিৎসালয়লৈ। অৱশ্যে সাপটোৱে দংশন কৰা নাছিল লোকজনক।ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।

লগতে পঢ়ক : Cattle Smuggling : মৰিগাঁও জিলাৰ নেলীত আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক পৰ্যায়ৰ চক্ৰ গৰু চিণ্ডিকেট