Local, Vocal, Global

Drugs Peddler Arrested : মহানগৰীৰ হাতীগাঁৱত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ

নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী : পুনৰ মহানগৰীত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ ।

এইবাৰ মহানগৰীৰ হাতীগাঁৱত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ । হাতীগাঁও দক্ষিণগাঁৱৰ দোৱত বজাৰৰ সমীপত আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি ।

জানিব পৰা মতে হাতীগাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই হাতীগাঁও দক্ষিণগাঁৱৰ দোৱত বজাৰৰ সমীপত। অভিযানত ৭ টাকৈ হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে । লগতে জব্দ কৰে নগদ প্ৰায় ১১ হাজাৰ টকা আৰু এখন বাহন । জব্দকৃত বাহনখনৰ নম্বৰ AS 01 DT 8861 বুলি চিনাক্ত কৰা হৈছে(Drugs Peddler Arrested ) ৷

আনহাতে ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি ড্ৰাগছ ব্যৱসায়ীক । হাতীগাঁও দোৱত বজাৰত ড্ৰাগছখিনি বিক্ৰী কৰিবলৈ আহোতে আৰক্ষীয়ে ধৰা পেলাই তিনিওকে(three drug peddler Arrested in guwahati) ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ী কেইজন হ’ল মহিদুল ইছলাম, নিজামুদ্দিন আৰু এগৰাকী মহিলা । পৰৱৰ্তী সময়ত মহিদুল ইছলামৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই পুনৰ জব্দ কৰে ২০ টা হে’ৰইন ভৰ্তি চাবোনৰ বাকচ ।

দীৰ্ঘদিন ধৰি হাতীগাঁও দক্ষিণগাঁও অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই গৈছিল এই ধৃত তিনি ড্ৰাগছ ব্যৱসায়ীয়ে । মহিদুল ইছলাম আৰু মহিলাগৰাকী সম্বন্ধত পতি-পত্নী । ইফালে ধৃত নিজামুদ্দিন পেছাত এজন ঔষধ বিতৰক ।

লগতে পঢ়ক : Drugs Peddler Arrested : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহত নামিছে একাংশ মহিলা