Local, Vocal, Global

Drugs Peddler Arrested : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহত নামিছে একাংশ মহিলা

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰী : পুনৰ ৰাজ্যত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ । ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা (Drugs Peddler Arrested ) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে অসম আৰক্ষীয়ে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে নিতৌ সলনি কৰিছে কৌশল । কিন্তু কৌশল সলালেও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বোকাজানত অব্য়াহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।

মঙলবাৰে বোকাজান মহকুমাত আৰক্ষীৰ অভিযান । এক বিশেষ সূত্ৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষীয়ে মঙ্গলবাৰে পুৱা অভিযান চলাই ডিমাপুৰ দিশৰ পৰা গোলাঘাট অভিমুখে গৈ থকা AR 02-8001 নম্বৰৰ এখন বাহনত । আৰক্ষীৰ অভিযানত বাহনখনৰ পৰা জব্দ কৰে ৬টা চাবোনৰ বাকচত ৬৭.৫৮গ্ৰাম হেৰইনসহ দুই ড্ৰাগছ সৰবৰাহকাৰী ।

জানিব পৰা মতে, ড্ৰাগছ সৰবৰাহকাৰীৰ লগত জড়িত এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰে । আটকাধীন মহিলাগৰাকী নগাঁৱৰ ৰিনা বিশ্বাস আৰু ধেমাজিৰ বিকি বিশ্বকৰ্মাক বুলি জানিব পৰা গৈছে ।আৰক্ষীয়ে জনোৱা অনুসৰি জব্দকৃত ড্ৰাগছখিনি বজাৰ মূল্য ১৫লাখ টকা । বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : PM Modi launches projects worth over Rs 32000 cr : জম্মু-কাশ্মীৰৰ বিশাল জনসভা সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ, উদ্ধোধন কৰিলে ৩২,০০০ কোটি টকাৰ প্ৰকল্প