Local, Vocal, Global

Daily Horoscope for 21th February : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপোনাৰ সুখেদি ভৰা ভাল দিন হ’ব। মা-দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হব পাৰে। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। অফিচত কোনোবাাই আপোনাৰ কামৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে । সাীমাহীন সৃজনআত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে।

বৃষ ৰাশি : আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব।আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। আপোনাৰ নতুন পৰিযোজনা সমূহক লৈ আপোনাৰ মা-দেউতাকক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। আজি আপোনাৰ পদোন্নতি হব পাৰে। আৰ্থিক লাভৰ বিষয়ে ভাৱিৱ নালাগে কাৰণ আগলৈ গৈ আপোনাৰ বহুত লাভ হব। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব ।

মিথুন ৰাশি : আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। মা অথবা দেউতাৰ স্বাস্থ্যৰ ওপৰত আজি বহুত খৰচ হব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে কিন্ত আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হব।

কৰ্কট ৰাশি : আজি আপুনি খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। দিনৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক লোকচান হব পাৰে যাৰ ফলত গোটেই দিন বেয়া যাব পাৰে। পৰিয়ালৰ সদস্য সমূহৰ লগত অলপ অৱসৰৰ সময় অতিবাহিত কৰক।

সিংহ ৰাশি : বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকী কৰাই দিব ,যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হব।অফিচত আজি আপুনি বহুত প্ৰগতি লাভ কৰিব।। আজি আপুনি জীৱনসংগীক ফুৰাব লৈ যোৱাৰ পৰিকল্পনা কৰিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আপোনাক বিনা কাৰণত অশান্তি প্ৰদান কৰি আছে।

কন্যা ৰাশি : আজি আপোনাক বিশ্ৰামৰ প্ৰয়োজন । জীৱন সংগীৰ লগত পইচাৰ বিষয়লৈ তৰ্ক বিতৰ্ক হব পাৰে । ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব। কোনোবা আজি আপোনাক তেখেতৰ আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব।

তুলা ৰাশি : আপোনাৰ নিজৰ ভাৱনা বোৰ নিয়ন্ত্ৰণ কৰাত অসুবিধা পাব পাৰে। আপোনাৰ অন্য ধৰণৰ ব্যৱহাৰে লোক সকলক আচৰিত কৰি তুলিব পাৰে আৰু এইবাবে আপুনি হতাশ হৈ পৰিব পাৰে। অনাকাংক্ষিত ভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হব আৰু দিনটো বহুত ভাল ভাৱে আপোনাৰ অতিবাহিত হব। আপোনাৰ জ্ঞান পিপাসু মন টোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হব। আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হব। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হব।

বৃশ্চিক ৰাশি : আজি আপোনাৰ ধনৰ আৱশ্যকতা যিকোনো সময়ত হব পাৰে সেইবাবে আজি যদি জয়ী হব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। নতুন ৰূপ-ৰং, নতুন কাপোৰ ,নতুন বন্ধু-বান্ধৱ আজিৰ দিনটোক বিশেষ কৰি তুলিব। প্ৰেমৰ দৃষ্টিকোণ দি চাব গলে আজি এক ভাল দিন। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে।

ধনু ৰাশি : আজি আপুনি ভাল খবৰ এটা পাব পাৰে। আজি অকল অচিনাকি ব্যক্তি নহয় আনকি নিজৰ বন্ধু-বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰী আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে কিন্তু আপোনালোক দুজনে সকলো পৰিস্থিতি চম্ভালি লব পাৰিব।

মকৰ ৰাশি : দেউতাকে আপোনাক সম্পত্তিৰ পৰা বেদখল কৰিব পাৰে। মনত ৰাখিব যে অধিক সম্পত্তি মনক দুৰ্বল কৰি তুলিব পাৰে আৰু অভাৱে তাক শক্তিশালী কৰি তুলিব পাৰে। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। সাৱধানে থাকক , কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে ।

কুম্ভ ৰাশি : স্বাস্থ্যৰ লগত জড়িত সমস্যা আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। পৰিয়ালৰ সদস্য আপোনাক সকলো কথাতে সমৰ্থন কৰিব।

মীন ৰাশি : নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ভাল হ’ব। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হব পাৰে