Local, Vocal, Global

Drugs Peddler Arrested : গোৱালপাৰাত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰীক

নিউজ ডেস্ক, ২৫মাৰ্চ : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs Peddler Arrested) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়(Drugs Peddler Arrested) ।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ ।

একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰাতো চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । দেওবাৰে নিশা গোৱালপাৰাত আৰক্ষীৰ অভিযান । গোৱালপাৰাৰ নৱাগত শিমলীতোলাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী আভিযান।

অভিযানত মাটিয়া আৰক্ষীয়ে জব্দ কৰে ৫০টা কন্টেইনাৰসহ ৫৯.৩৩ গ্ৰাম হিৰ’ইন ।লগতে আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে মিজানুৰ ৰহমান আৰু আকবৰ আলী বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : 14 suffer injuries in fire at Ujjain Mahakal temple : ভস্ম আৰতিৰ সময়ত মহাকাল মন্দিৰত ভয়ংকৰ অগ্নিকাণ্ড;আহত ১৪ জন পুৰোহিত