Drugs peddler arrested : বোকাজানত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ
নিউজ ডেস্ক,২৪ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কিন্তু তাৰ মাজতে ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs peddler arrested) । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।
বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়। ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছ হুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে (Drugs peddler arrested in Bokajan )।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।
এইবাৰ বোকাজানত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ । সোমবাৰে পুৱা কাৰাগাঁও তহলদাৰী আৰক্ষী চকীত এজন লোকক তালাচী চলাই বহু পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ।
জানিবলৈ পোৱা অনুসৰি আৰক্ষীয়ে প্ৰায় ৭টা চাবোনৰ বাকচত ৫৮৩.০৮ গ্ৰাম হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য ৩কোটিতকৈ অধিক হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। আটক কৰা লোকজন কৰিমগঞ্জ জিলাৰ গুৱাছপুৰৰ চামছুল হক বুলি চিনাক্ত কৰা হৈছে ।
বৰ্তমান আৰক্ষীয়ে হেৰইনসহ কৰিমগঞ্জ জিলাৰ গুৱাছপুৰৰ চামছুল হক নামৰ সৰবৰাহকাৰীজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে।