Local, Vocal, Global

Drugs paddler arrested: ৰাজ্যত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়। ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছ হুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে (Drugs paddler arrested in Amingaon )।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

এইবাৰ আমিনগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ । সোমবাৰে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷আমিনগাঁৱত প্ৰায় ১৮ কোটি টকা মূল্যৰ হেৰ’ইনৰ । জব্দ হোৱা হেৰ’ইনখিনিৰ ওজন প্ৰায় আঢ়ৈ কেজি । ১৭০ টা চাবোনৰ বাকচত কঢ়িয়াই অনা হৈছিল হেৰ’ইনখিনি ৷

প্ৰাপ্ত তথ্য অনুসৰি বিশেষ অনুসন্ধানকাৰী গোট আৰু কামৰূপ আৰক্ষীয়ে চলাইছিল যুটীয়া অভিযানত ৷ আৰক্ষীৰ উপ-মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্ত আৰু কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলাইছিল অভিযান । অভিযানত ড্ৰাগছসহ আটক কৰে ৬ জন সৰবৰাহকাৰীক(Drugs paddler arrested)।

উল্লেখ্য যে,মহিন্দ্ৰা থাৰ বাহনৰ গোপন চেম্বাৰত লুকুৱাই অনা হৈছিল ড্ৰাগছখিনি । মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা অসমৰ কামৰূপলৈ ড্ৰাগছখিনি সৰবৰাহ কৰা হৈছিল ।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীকেইজন হ’ল ক্ৰমে, খলিলুৰ ৰহমান (কামৰূপৰ মুক্তাপুৰ) ইনামুল আলী (দৰঙৰ কলিতাপাৰা) আব্দুল আলী (কামৰূপৰ মুক্তাপুৰ), মণিপুৰৰ গোগো দোংমো, গোগো হৌকিক, ৰণ মাৰ ৷উল্লেখ্য যে, ধৃত সৰবৰাহকাৰীকেইটাৰ মাজত কুখ্যাত ড্ৰাগছ মাফিয়া হিচাবে পৰিচিত খলিলুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে ৷ আনকি খলিলুৰ ৰহমানক কৰায়ত্ত কৰিবলৈ অসম আৰক্ষীয়ে কেবাবাৰো চেষ্টা চলাইছিল যদিও আৰক্ষীৰ পৰা পলাবলৈ সক্ষম হৈছিল বুলি আৰক্ষীয়ে জনায় ।

লগতে পঢ়ক :Seize Marijuana in Tripura: ত্ৰিপুৰাত অসম ৰাইফলছৰ ড্ৰাগছ বিৰোধী অভিযান